অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ এক বিশেষ আহ্বান

এই পৰ্যন্ত শান্তিপূৰ্ণভাৱে ক’ভিড প্ৰটকল মানি সমগ্ৰ ৰাজ্যত ভোটগণনা চলি থকাৰ মাজতেই অসমবাসীক ধন্যবাদ জনাই আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এক বিশেষ আহ্বান জনাইছে।
তেওঁ সকলোকে এন-৯৫ মাস্ক পিন্ধিবলৈ আহ্বান জনাই কয় যে,”কাপোৰৰ মাস্ক বিশেষ সুৰক্ষিত নহয়।কাপোৰৰ মাস্কৰ জৰিয়তে ক`ৰণা সংক্ৰমনৰ আশংকা আছে।তেওঁ পৰাপক্ষত সকলোকে দুখন মাস্ক পিন্ধিবলৈ আহ্বান জনায়।
আনহাতে তেওঁ যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অসম আৰক্ষী সাজু হৈ থকাৰ কথা অৱগত কৰি জয়ী প্ৰাৰ্থীক ৰাজপথত কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিবলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে।

Comments (0)
Add Comment