অসমৰ এজন পেড মেনৰ কথাৰে

অসমৰ এজন পেড মেনৰ কথাৰে

WhatsApp Image 2018-03-13 at 7.21.07 PM

কালি বাজেট দাখিল হ’ল। বাজেটত স্থান পালে চেনিটাৰী নেপকিনে। ১২ বছৰৰ পৰা ২০ বছৰীয়া কিশোৰীয়ে চেনিটাৰী নেপকিনৰ বাবদত লাভ কৰিব মাহেকত ৫০ টকাকৈ। সমান্তৰাল ভাৱে সচেতন মহলত চৰ্চিত হ’ল এগৰাকী বিশেষ উদ্যমীৰ নাম। যি গৰাকী উদ্যমীয়ে চৰকাৰে আঁচনি গ্ৰহণ কৰা পূৰ্বে জিলাই জিলাই গৈ নেপকিনৰ ব্যৱহাৰ আৰু সজাগতাৰ সম্পৰ্কে প্ৰচাৰ চলাইছিল। কেৱল সেয়ে নহয় স্লাম এলেকাৰ মহিলাসকলক নেপকিনৰ বিনামূলীয়াকৈ যোগান ধৰিছিল। সেই বিশেষ উদ্যমীজন হ’ল অমৰদ্বীপ পাল। ইতিমধ্যে বিভিন্ন মাধ্যমৰ যোগেদি অমৰদ্বীপ পালে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে খবৰ প্ৰকাশ পাইছে।

WhatsApp Image 2018-03-13 at 7.21.10 PM

নীডছ নামৰ সামাজিক সংগঠনৰ প্ৰতিষ্ঠাতা অমৰদ্বীপ পালে মানিকপুৰ, বৰপেটা, তিতাবৰ, যোৰহাট, গুৱাহাটীৰ বিভিন্ন এলেকাত সৰ্বমুঠ ১০ টা কাৰ্য্যসূচী গ্ৰহণ কৰিছে। জানিব পৰা মতে কালিলৈ বঙাইগাঁও প্ৰেছ ক্লাৱত এনে এক কাৰ্য্যসূচী পুনৰ গ্ৰহণ কৰিব। এই সম্পৰ্কে অমৰদ্বীপ পালে nefocus.com ৰ আগত এনেদৰে ব্যক্ত কৰে —- প্ৰকৃততে মই পেডমেন চিনেমাখন চাই অনুপ্ৰাণিত হৈ এনে কাম কৰাৰ বাবে উৎসাহিত হ’লো। মই বিচাৰো দৰিদ্ৰ শ্ৰেণীৰ মহিলা, কিশোৰীৰ বাবে নেপকিন বিনামূলীয়া হওঁক। লগতে চৰকাৰে নেপকিন নিস্কাষণ কৰিব পৰা এক ব্যৱস্থা কৰি দিয়ক।

WhatsApp Image 2018-03-13 at 7.21.08 PM

উল্লেখযোগ্য যে অমৰদ্বীপ পালে গ্ৰহণ কৰা জনসজাগতামূলক কাৰ্য্যসূচী সমূহত আশাকৰ্মী, আত্মসহায়ক গোটৰ মহিলা সকলে সহযোগ কৰে। আগন্তুক দিনত অধিক প্ৰসাৰৰ বাবে বিনামূলীয়াকৈ অঞ্চলে অঞ্চলে গৈ পেডমেন চিনেমাখন দেখুওৱাৰ পৰিকল্পনা ৰাখিছে। উদ্যমী গৰাকীৰ এনে প্ৰচেষ্টাৰ বাবে এন ই ফ’কাছ ডট কমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালো।

সম্পাদিকা,
সংগীতা শইকীয়া
এন ই ফ’কাছ ডট কম

Comments (2)
Add Comment
  • Mowsam Hazarika

    Very encouraging news.

  • Sangeetasaikia

    Thankyou