অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এক সুখবৰ

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এক সুখবৰ

ক’ৰণাৰ ত্ৰাসৰ মাজতে অসমবাসীৰ বাবে এক ভাল খবৰ। অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই  সন্মানীয় অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত দেখুওৱা অপৰিসীম পাৰদৰ্শিতা তথা নিজৰ যোগ্যতা আৰু প্ৰতিভাৰ বাবে লাভলীনা মনোনীত হ’ল ক্ৰীড়া ক্ষেত্ৰৰ সন্মানীয় অৰ্জুন বঁটাৰ বাবে। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়লৈ ভাৰতীয় বক্সিং ফেডাৰেচনে পঠিয়াইছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰত জিলিকি উঠা অসমৰ বক্সাৰ লাভলীনা বৰগোহাইৰ নাম।
 
 

 
ইয়াৰ পূৰ্বে লাভলীনাই বিশ্ব বক্সিঙত পদক জয় কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে লাভলীনাই জৰ্দানৰ প্ৰতিযোগিতাৰ পৰা টকিঅ’ অলিম্পিকলৈ যোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে লাভলীনাৰ পূৰ্বে  ৫ গৰাকী সুদক্ষ অসমীয়া খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছিল। অৰ্জুন বটা লাভ কৰিলে লাভলীনা হ’ব অসমৰ ষষ্ঠ গৰাকী অসমীয়া খেলুৱৈ।

Comments (0)
Add Comment