অসমৰ পৰা ৩৬ জনীয়া প্ৰথমটো হজযাত্ৰী দল মক্কালৈ ৰাওনা

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা Minaz Tours & travels ৰ উদ্যোগত আজি অসম পৰা ৩৬ জনীয়া প্ৰথমটো হজযাত্ৰী দল মক্কা অভিমুখে ৰাওনা হয়। প্ৰায় দহ বছৰ ধৰি সংগঠনটোৱে হজ আৰু উমৰাহৰ বাবে মক্কা-মদিনালৈ হজযাত্ৰীসলক অনা-নিয়া কৰি আহিছে। চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোলোৱাকৈ সংগঠনটোৱে নিজা খৰছত যাত্ৰীসকলক লৈ যায়। হজযাত্ৰীসকলে মক্কা-মদিনা শ্বৰিফত থাকি ধৰ্মীয় কাম-কাজ সম্পন্ন কৰি পুনৰ অসমলৈ আহিব বুলি দলটোৰ নেতৃত্বত যোৱা জোনাৱ মতিউৰ ৰহমানে জানিবলৈ দিছে। লগতে দলটো দিল্লী হৈ মদিনাত উপস্থিত হ’ব বুলি কয়। ইয়াৰ পিছতে ২১ ফেব্ৰুৱাৰীত ৩৩ জনীয়া দ্বিতীয় দল আৰু ৪ মাৰ্চত ২৫ জনীয়া তৃতীয়টো দল উমৰাহ হজৰ বাবে মক্কা মদিনালৈ ৰাওনা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

Comments (0)
Add Comment