অসম কবিতা মহোৎসৱ

অসম কবিতা মহোৎসৱ

IMG-20170116-WA0003

সুখবৰ! পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হ’ব অসম কবিতা মহোৎসৱ। উল্লেখযোগ্য যে ইতিমধ্যে এই মহোৎসৱ খনৰ প্ৰস্তুতিৰ আৰম্ভ হৈছে।জুন মাহৰ ২৩,২৪,২৫ তাৰিখে অনুষ্ঠিত হব লগীয়া এই মহোৎসৱখনত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ  কবি সকলে অংশগ্ৰহণ কৰিব।মহোৎসৱ খনৰ লগত সংগতি ৰাখি কবিতাৰ আবৃত্তি কৰ্মশালা,কবিতাৰ মুকাভিনয়, কবিতা বিষয়ক আলোচনাচক্ৰ, কাকত-আলোচনীৰ উপসম্পাদক সকলৰ সন্মিলন,স্মৃতি গ্ৰন্থ উন্মোচন, কাব্য গ্ৰন্থ উন্মোচনৰ লগতে বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হ’ব।আনহাতে কালি দিনৰ ১ বজাত অসম কবিতা মহোৎসৱৰ প্ৰতীকপট গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব কনক সেন ডেকাই। অনুষ্ঠানত ৰবচন লাল বৰুৱা,কাবেৰী কছাৰী ৰাজকোঁৱৰ, নৱ ঠাকুৰীয়া উপস্থিত থাকিব।

অসম কবিতা মহোৎসৱ 20170116_184926

Comments (0)
Add Comment