অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিৰ বঁটা ঘোষণা

অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিৰ বঁটা ঘোষণা

অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে ২০২০-২১ বৰ্ষত প্ৰদান কৰিব লগা বঁটা ঘোষণা কৰিছে।উল্লেখ্য যে ক’ৰণা বাবে এইবাৰ সমিতিৰ অনুষ্ঠান আয়োজনত বিলম্ব হৈছে।এতিয়া অহা ২৭ মাৰ্চত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত হ’বলগা অনুষ্ঠানত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।
এইবাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব মিহিৰ দেউৰী,ডাঃ অখিল কুমাৰ বৰুৱা, চেতনা দাস,বাবুল হোড়,আৰু ইন্দ্ৰমোহন দাসক।ইফালে বিক্ৰম বড়ো শ্ৰেষ্ঠ প্ৰশিক্ষক,অমল নাৰায়ণ পাটোৱাৰী শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক, আয়ান ৰছিদ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, লক্ষ্যভেদ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰশিক্ষক কেন্দ্ৰ আৰু অনিৰ্বাণ দাসে শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ গ্ৰন্থ নিৰ্বাচিত হৈছে বড়ো আন্দোলনৰ পটভূমিত ৰচিত উপন্যাস দাহালখঙগ্ৰি ।
বিশ্ব মহিলা বক্সিঙত প্ৰথম অসমীয়া ৰূপে পদক লাভ কৰা কল্পনা চৌধুৰী, বি চি চি আইৰ কিউৰেটৰ মুকুট কলিতা,সমৰকলাৰ জ্যেষ্ঠ প্ৰশিক্ষক দেৱজিৎ গগৈ,নাট্য পৰিচালিকা স্মিতা বৰ্মন আৰু স্কুউট এণ্ড গাইডৰ শিক্ষয়েত্ৰী জুনু ৰাজখোৱা সমিতিয়ে বিশেষ বঁটা প্ৰদান কৰিব।
জুৰীৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট চিকিৎসক ডাঃ নৰেশ্বৰ শৰ্মা,দীনেশ দাস,দেৱজিত দাস,ধৰণী তালুকদাৰ, ৰমেন দাস আৰু ৰাজীৱ শৰ্মা।উক্ত অনুষ্ঠানতে চাৰি গৰাকী সাংবাদিক শিৱাশীস ঠাকুৰ,জয়ন্ত দাস, সুনীল বৰা,শান্তনু মহন্ত আৰু মহেশ চৌধুৰীক সম্বৰ্ধনা জনোৱা হ’ব।

Comments (0)
Add Comment