অসম খনিজ উন্নয়ন নিগমৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপণ

অসম খনিজ উন্নয়ন নিগমৰ কাৰ্যালয়  চৌহদত  গছপুলি ৰোপণ

গুৱাহাটীৰ গণেশগুৰিস্থিত অসম খনিজ উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় চৌহদত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । এটি গছপুলি ৰোপণ কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভঁৰালীয়ে । এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত অশোক কুমাৰ ভঁৰালীয়ে পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাৰ লগতে জৈৱ বৈচিত্ৰ সংৰক্ষণ কেনেদৰে হ’ব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত নিগমৰ পৰিচালন সঞ্চালক এন আনন্দকে ধৰি বিষয়া – কৰ্মচাৰী সকল উপস্থিত থাকে । আনহাতে উপাধ্যক্ষ অশোক কুমাৰ ভঁৰালী আৰু পৰিচালন সঞ্চালক এন আনন্দৰ নেতৃত্বত বিষয়া – কৰ্মচাৰী সকলে কাৰ্যালয় চৌহদত ফলাহাৰীকে। ধৰি থলুৱা বিভিন্ন প্ৰজাতিৰ প্ৰায় ৮০ টা গছপুলি ৰোপণ কৰে ।

Comments (0)
Add Comment