অসম গৌৰৱ নৱীন গ্ৰাম্য সাংবাদিকতা বটাঁ প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত

পুৰণি গুদাম প্ৰেছ ক্লাব উদ্যোগত পুৰণিগুদামত অনুষ্ঠিত হোৱা অষ্টবিংশতিতম শাৰদীয় শিশু গ্ৰন্থ মেলাত অসম গৌৰৱ নৱীন গ্ৰাম্য সাংবাদিকতা বটাঁ প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত বটাঁ লাভ কৰে অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা পল্লৱী কলিতাই।

পুৰণি গুদাম প্ৰেছ ক্লাবে পল্লৱী কলিতাৰ এই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ লগতে বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকে।

Comments (0)
Add Comment