অসম চৰকাৰ আৰু উদ্যোগিক প্ৰতিষ্ঠানৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

ৰাজ্য চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰ আৰু ন টা ব্যক্তিগত খণ্ডৰ উদ্যোগৰ সৈতে সম্পন্ন হয় এক বুজাবুজি চুক্তি।

দেশৰ প্ৰতিষ্ঠিত কোম্পানীয়ে ইলেকট্ৰনিক গাড়ী নিৰ্মাণ উদ্যোগ, তিনিটা চিমেণ্ট উদ্যোগ, আইফোন নিৰ্মাণ প্লাণ্ট ,পেপচি,লেইচ আৰু চিপছ কাৰখানা স্থাপনৰ উদ্দেশ্যৰে আজি কোম্পানী কেইটাৰ শীৰ্ষ বিষয়া আৰু ৰাজ্য চৰকাৰৰে সম্পাদিত হয় বুজাবুজি চুক্তি৷মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ অনুষ্ঠানত কোম্পানী কেইটাই ৮,২০১ কোটি টকা অসমৰ বিভিন্ন স্থানত মেগা ইণ্ডাষ্ট্ৰিয়েল প্ৰকল্পত বিনিয়োগ কৰাৰ কথা সদৰি কৰে ৷

অনুষ্ঠানত উদ্যোগ মন্ত্ৰী বিমল বৰা,কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ,জয়ন্ত মল্ল বৰুৱা, ইউজি ব্ৰহ্ম, যোগেন মোহন আৰু সঞ্জয় কিষান উপস্থিত থাকে।

Comments (0)
Add Comment