অসম তৃণমূল কংগ্ৰেছৰ চ’চিয়েল মিডিয়া বিভাগৰ বৈঠক সম্পন্ন

আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্হিতিত চ’চিয়েল মিডিয়া বিভাগৰ এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। আগন্তুক সময়ত দলৰ তৰফৰ পৰা চ’ছিয়েল মিডিয়াত ল’বলগীয়া পদক্ষেপৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় দলৰ চ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই।

সভাত দলৰ ৰাজ্যিক সমিতিৰ লগতে অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম তৃণমূল মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

সভাপতি ৰিপুণ বৰাই সভাত বক্তব্য প্ৰদান কৰি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ দলীয় সতীৰ্থসকলক আহ্বান জনায়।সভাত দলৰ‌ কেইবাগৰাকীও বিষয়ববীয়াই সভাত বক্তব্য ৰাখি শাসক পক্ষৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে যুঁজিবলৈ সংকল্প হাতত লয়।উক্ত সভাত কেইবাগৰাকীও মহিলাই অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে।

Comments (0)
Add Comment