অসম বিজ্ঞান সমিতিৰ উদ্যোগত নদী অধ্যয়ন আৰু সংৰক্ষণৰ কাৰ্য্যসূচী আৰম্ভ

অসম বিজ্ঞান সমিতি আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিশ্ববিদ্যালয়ৰ পৃষ্ঠপোষকতাত আজি চাৰিকডিয়া নদী বলাইঘাটৰ পৰা অসম বিজ্ঞান সমিতি ঢকুৱাখানা শাখা সদস্য সকলে আৰম্ভ কৰিছে প্ৰথম পৰ্বৰ চাৰিকডিয়া নদী অধ্যয়ন আৰু সংৰক্ষণৰ কাৰ্যসূচী।এই কাৰ্যসূচী জৰিয়তে চাৰিকডিয়া নদীয়ে ক’ত কি ধৰণে ৰাইজৰ ক্ষতি কৰিছে,নদীখনে কিয় গৰাখহনীয়া সৃষ্টি কৰিছে আৰু গতিপথ কিয় সলনি কৰিছে এইধৰণৰ বিষয় সমূহ অধ্যয়ন কৰা হ’ব।
 
উল্লেখযোগ্য যে সমগ্ৰ অসমৰ মুঠ ১৫ খন ঠাইত ১৫ টা জলাশয় বাছনি কৰি অসম বিজ্ঞান সমিতিৰ ১৫ টী শাখাই এই কাৰ্যসূচীটো ৰূপায়ন কৰিছে।এই কাৰ্যসূচীতো অহা ছয় মাহৰ কাৰণে উদ্দেশ্যধৰ্মী হ’ব।এই ছয়মাহৰ ভিতৰতে নদীখনৰ সমস্যা সমূহ অধ্যয়ন কৰা হ’ব।

Comments (0)
Add Comment