ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰে সোমবাৰে ৰাজীৱ কুমাৰ বৰা (IAS) ক অসম লোক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত প্ৰদান কৰে।উল্লেখ্য যে বৰা এজন আইএএছ বিষয়া।এই নিযুক্তিৰ আগতে বৰাই অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে কাম কৰিছিল।
এক চৰকাৰী নিৰ্দেশনা অনুসৰি অসমৰ ৰাজ্যপাল ড° জগদীশ মুখীয়ে সাংবিধানিক কৰ্তৃত্ব অনুসৰি ৰাজীৱ কুমাৰ বৰাক এই দায়িত্ব প্ৰদান কৰে বুলি প্ৰকাশ কৰিছে।অচিৰেই বৰাক ৰাজ্যপালে অসম লােকসেৱা আয়ােগৰ অধ্যক্ষ হিচাপে পদ আৰু গােপনীয়তাৰ শপত বাক্য পাঠ কৰাব।
অসম লােকসেৱা আয়ােগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা
