অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন মুকলি

অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন মুকলি

IMG-20170208-WA0009

অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন খন আজিৰে পৰা শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে সাহিত্য সভাৰ মূলমঞ্চ সাহিত্য কান্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ক্ষেত্ৰ উদঘাটন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। সমষ্টিৰ দ্বাৰ মুকলি কৰি তাছাই বিৰ্তকৰ পৰা আতৰি থকা প্ৰসংগ ব্যক্ত কৰে। আনহাতে অসম সাহিত্য সভাৰ শতবৰ্ষীয় ঐতিহ্য পথ মুকলি কৰে যোৰহাট জিলাৰ উপায়ুক্ত বিৰেন্দ্ৰ মিট্ৰালে। উল্লেখযোগ্য যে আজিৰ দিনটোত বিভিন্ন মঞ্চ মুকলি কৰাৰ লগতে জয়মতীৰ বলুকাত প্ৰস্তুত কৰা প্ৰতীক মুকলি হয়। উল্লেখ্য যে প্ৰায় ৪০০০ লোকক খোৱাৰ বাবে অধিৱেশন স্থলীত সুব্যৱস্থা কৰিছে। অৰুণাচলৰ পৰা অনা কলপাতৰ থালিয়ে আপ্যায়ন কৰিছে। উল্লেখযোগ্য যে এই অধিবেশন অন্ত পৰিব ১২ ফেব্ৰুৱাৰীত।

IMG-20170208-WA0011

IMG-20170208-WA0010

Comments (0)
Add Comment