অসম সাহিত্য সভাৰ সম্পৰ্কে প্ৰধান সম্পাদকে কি ক`লে

ৰঙিয়াৰ ৰণ্‌দিয়া  সাহিত্য সভাই প্ৰতি মাহে অনুষ্ঠিত কৰি অহা মাহটোৰ বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান ৰঙিয়াৰ ঐতিহাসিক ৰঙিয়া ৰাইজমেল কৃষক ভৱনত অনুষ্ঠিত হৈ যায় ৷
প্ৰতিষ্ঠা বৰ্ষতে অসম সাহিত্য সভাৰ দ্বাৰা ক্ৰমে স্বৰ্ণ শাখা আৰু শতদল শাখাৰ মৰ্যাদা প্ৰাপ্ত ৰণ্‌দিয়া সাহিত্য সভাই প্ৰতি মাহে বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান পাতি আহিছে ৷ আৰু এই মাহৰ বিশিষ্ট অতিথি আছিল অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক  যাদৱ চন্দ্ৰ শৰ্মা ৷
ৰণ্‌দিয়া সাহিত্য সভাৰ সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে শৰ্মাক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ লগতে অনুষ্ঠানটিত অতিথি হিচাপে অংশগ্ৰহণ কৰা কামৰূপ (মহানগৰ) জিলা সমিটিৰ সম্পাদক দিম্বেশ্বৰ পাঠক, দৰং জিলা সাহিত্য সভাৰ সভ্য প্ৰমেশ মহন্ত , ভূপেন শৰ্মা, আমৰাঙ্গা মিৰ্জাৰ নৱাৰুণ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ভাস্কৰজ্যোতি দাস, নৱপ্ৰজন্মৰ কবি মামণি কলিতা, সাহিত্য সভাৰ গুৱাহাটীস্থ কাৰ্য্যালয়ৰ কৰ্মচাৰী জিতু চহৰীয়া, ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাক ফুলাম গামোচাৰে আদৰণি জনায় ৷
অনুষ্ঠানটিত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই নিজৰ কৰ্মজীৱনৰ লগতে নিজৰ বিভিন্ন অভিজ্ঞতাৰ কথাৰে আলাপ আৰম্ভ কৰে ৷ ভাৱ বিনিময়ৰ অনুষ্ঠানটিত প্ৰায় আটাইৰে লগত অতি অন্তৰঙ্গতাৰে কথা পাতি উপস্থিত সকলক বিভিন্ন প্ৰশ্নৰ উত্তৰত শৰ্মাই কয় যে অসম সাহিত্য সভাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিক সম মৰ্যাদা দিয়াৰ চেষ্টাত ব্ৰতী যদিও অসমৰে আন আন জনগোষ্ঠীসমুহৰ নিজৰ নিজৰ ভাষা সংস্কৃতিৰ উত্তৰণৰ হকে নিজাববীয়াকৈ পাতি অহা অনুষ্ঠানবোৰৰ বাবে অসমীয়া ভাষা কোৱা অসমীয়াখিনিৰ মাজত বিভিন্ন প্ৰশ্নৰ উদয় হোৱাটো স্বাভাৱিক ভাৱেই সত্য আৰু অসমীয়া সমাজ জীৱনত পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱে জন্মদিনত কেক্‌ কটা , তোলনি বিয়াৰ ধুমখুমীয়া আয়োজন আদিয়ে নেতিবাচক প্ৰভাৱ পেলোৱাৰ কথাও উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে অসমত অসমীয়া ভাষাৰ প্ৰয়োগৰ বাবে সাহিত্য সভাই বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে যদিও চৰকাৰ তথা আন কিছু সমস্যাৰ বাবে সফল কাম হ’ব পৰা নাই ৷ অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কেতিয়াও নকমে যদিও অসমীয়া ভাষা লিখা আৰু পঢ়া অসমীয়াৰ সংখ্যা সমাগত সময়ত বহু পৰিমাণে কমি আহিব ধৰাটোও এক গভীৰ শংকাৰ বিষয় হৈ ধৰা দিছে বুলি তেখেতে দোহাৰে ৷ আনহাতে বিগত ক`ভিড পৰিস্থিতিৰ সময়ত অসমীয়া ভাষাত প্ৰায় তিনিহাজাৰৰো অধিক কিতাপ প্ৰকাশ হৈছে যদিও লিখোতাতকৈ পঢ়ুৱৈৰ সংখ্যা কমি আহিছে বুলি প্ৰধান সম্পাদক গৰাকীয়ে কয় ৷ কথাৰ প্ৰসংগত শৰ্মাই ৰণ্‌দিয়া সাহিত্য সভা ৰঙিয়া ই প্ৰতিষ্ঠা বৰ্ষতে সাহিত্য সভাৰ দ্বাৰা ক্ৰমে স্বৰ্ণশাখা আৰু শতদল শাখা হিচাপে স্বীকৃতি পোৱাটো এক অভিলেখ বুলি কয় আৰু তাৰ বাবে শাখাটিৰ সমুহ কৰ্মকৰ্তাৰ অনুষ্ঠানটিৰ বাবে থকা একাগ্ৰতাৰ কথা শলাগি অভিনন্দন জ্ঞাপন কৰে ৷প্ৰায় তিনিঘণ্টাযোৰা অনুষ্ঠানটিত মামণি কলিতাৰ কবিতা পাঠ আৰু বিমলা দেৱীৰ গীতে সোণত সুৱগা চৰাই আৰু অনুষ্ঠানটি অধিক প্ৰাণৱন্ত কৰি তোলে ৷
বিশিষ্ট পৰিচালক , অভিনেতা পংকজ পল্লব শৰ্মা , বিমলা দেৱী , সুৰভী লহকৰ, অঞ্জলী ডেকা, সবিতা বৰ্মন মজুমদাৰ, উপ সভাপতি জয়ন্ত জিত কলিতা , সহ সম্পাদক মুকেশ লহকৰ, পত্ৰিকা সম্পাদক উজ্জ্বল ডেকা , নৱ কুমাৰ ডেকা , বিপুল তালুকদাৰ, নবীন চন্দ্ৰ দাস, কৈলাস কলিতা, খৰ্গেশ্বৰ কলিতা, প্ৰাঞ্জল কলিতা . মতিউৰ ৰহমান, ভাস্কৰ কলিতা, আৰু বহুকেইজন অসম সাহিত্য সভাৰ আজীৱন সভ্যই অংশগ্ৰহণ কৰা অনুষ্ঠানটিত সম্পাদক হেমন্ত কলিতাই সাহিত্য সভাক গণমুখী কৰণৰ হেতু কেইটিমান লিখিত প্ৰস্তাৱ কামৰূপ জিলা সাহিত্য সভাৰ জৰিয়তে অসম সাহিত্য সভাৰ কা্ৰ্যনিৰ্বাহক তথা প্ৰতিনিধি সভালৈ শৰ্মাদেৱৰ হাতত অৰ্পণ কৰে ৷ তাৰ মাজতে বহুকেইজন সভ্যক সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ আৰু কামৰূপৰ লেখক কোষত নাম সন্নিৱিষ্ট লেখকসকলক লেখককোষ প্ৰদান কৰা হয় ৷শেষত সভাপতি প্ৰতুল ভূঞাঁই সাৰুৱা ভাষণ ৰাখে আৰু আটাইলৈ শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটিৰ সফল সমাপন ঘোষণা কৰে ৷

বাতৰি যুগুতালে ৰঙিয়া পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment