অসম ৰাজ্যিক পৰিবহন নিগমত সংযোজন

অসম ৰাজ্যিক পৰিবহন নিগমত সংযোজন

WhatsApp Image 2018-01-24 at 7.06.23 PM

যাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম পৰিবহন নিগমৰ অধীনত আৰম্ভ হৈছে অত্যাধুনিক বাছৰ সেৱা। আজি অসম পৰিবহন নিগমৰ পল্টন বজাৰস্থিত কাৰ্যালয়ৰ সমীপত বাছ সেৱা শুভাৰম্ভ কৰি পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এই বাছ সেৱাৰ জৰিয়তে সমূহ যাত্ৰীয়ে অত্যাধুনিক সুবিধা লাভ কৰিব পাৰিব।

WhatsApp Image 2018-01-24 at 7.06.34 PM

টিকটৰ মূল্য প্ৰতি কিলোমিটাৰত ২.২০টকা ধাৰ্য্য কৰা হৈছে। উল্লেখযোগ্য যে আজি আৰম্ভ হোৱা ৫ খন ভলভ’ বাছ গুৱাহাটীৰ পৰা শদিয়া, উত্তৰ লখিমপুৰ, শিলিগুৰি লৈ চলাচল কৰিব।অত্যাধুনিক বাছকেইখন শীত তাপ নিয়ন্ত্ৰিত হোৱাৰ লগতে বাছকেইখনত সংযোজিত হৈ আছে ম’বাইল চাৰ্জাৰ, টি.ভি.আৰু ইণ্টাৰনেটৰ সেৱা। সবৰ্মুঠ ১৭৫ খন অত্যাধুনিক বাছৰ সেৱা আৰম্ভ হ’ৱ। অনুষ্ঠানত উপস্থিত থাকি সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে এই বাছ সেৱাৰ দ্বাৰা যাত্ৰী উপকৃত হ’ব।

WhatsApp Image 2018-01-24 at 7.06.21 PM

পৰিবহন নিগমৰ পূৰ্বৰ তুলনাত আয় ৩৪% বৃদ্ধি পাইছে। এয়া সম্ভৱ হৈছে সমূহ কৰ্মচাৰী সহযোগীতাৰ বাবে। এই ভলভ’ বাছ সেৱাত ধাৰ্য্য কৰা হৈছে টিকটৰ মূল্য সমগ্ৰ ভাৰতৰ ভিতৰত নূন্যতম। উদ্বোধনী অনুষ্ঠানত পৰিবহন নিগমৰ আয়ুক্ত সচিব আশোতোষ অগ্নিহোত্ৰীকে আদি কৰি বহুকেইজন নিগমৰ লগত জড়িত বিষয়া উপস্থিত থাকে ।

Comments (0)
Add Comment