বৃহস্পতিবাৰৰ ৰাতি অহা বিধ্বংসী ধুমুহাজাকত বিধ্বস্ত হৈ পৰা টীয়ক সমষ্টিৰ অন্তৰ্গত লাহিং তৰাজান গাঁৱৰ ববীতা বড়া নামৰ এগৰাকী অসহায় মহিলাৰ ঘৰটো নিৰ্মাণ কৰি মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে লাহিঙৰ এটা সামাজিক গোটৰ সদস্য সকলে৷
উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে স্বামী মৃত্যু হোৱা লাহিঙৰ এই অসহায় মহিলাগৰাকী তিনিটা সন্তানৰ সৈতে সেইদিনা ধুমুহাজাকত কথমপি প্ৰাণ ৰক্ষা পৰে৷কোনোমতে ভগা প্ৰজাটোৰ পৰা ওলাই সেই ৰাতি চুবুৰীয়া ঘৰত কটাই যদিও দেশত লকডাউন চলি থকাৰ পৰিপেক্ষিতত আৰু অভাৱ অনাটনত জুৰুলা হৈ পৰা মহিলা গৰাকী ঘৰটো সম্পূৰ্ণকৈ ভাগি যোৱাৰ পিছত বিপাঙত পৰে৷
কিন্তু “প্ৰয়াস” নামৰ এটা সামাজিক গোটে এই কথা গম পাই নিজৰ বিপদকো নেওচি তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু তেওঁলোকে হাতে-কামে লাগি ঘৰটো নিৰ্মাণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে৷
অসহায় মহিলাৰ সাৰথি হ’ল প্ৰয়াস

প্ৰয়াস গোষ্ঠীৰ এই প্ৰচেষ্টা আৰু মহানুভৱতা আদৰণীয় ।মহান প্ৰচেষ্টাত ব্ৰতী হোৱা সকলো সদস্যলৈকে আমাৰ আন্তৰিক অভিনন্দন জনালো ।