যি সময়ত বৰ্হি ৰাজ্যৰ পৰা আহি বহু যুৱকে কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈ আত্মগোপন কৰিছে সেই সময়তে লাহিঙৰ লাহদৈগড় মৰাণ গাঁৱৰ তিনিজন যুৱক ক্ৰমে পিংকু প্ৰাণ গগৈ, উজ্জ্বল গগৈ আৰু ৰঞ্জিত গগৈয়ে বৰ্হিৰাজ্যৰ পৰা আহি গাঁওবাসীয়ে নিমাৰ্ণ কৰা অস্থায়ী কুৱাৰেন্টাইন কক্ষত থাকি নিদৰ্শন দাঙি ধৰিলে৷
উল্লেখ্য বৰ্হি ৰাজ্য গুজৰাটৰ পৰা অহা গাঁৱৰ যুৱক তিনিজনৰ স্বাস্থ্য পৰীক্ষাৰ নমুনাত ক’ভিড-১৯ ৰ ফলাফল নিগেটিভ অহাত স্বাস্থ্য বিভাগে হোম কুৱাৰেন্টাইনৰ নিৰ্দেশ দিছিল৷কিন্তু গাঁৱৰ ৰাইজে আলোচনা কৰি তেওঁলোকৰ বাবে গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ অতিৰিক্ত কোঠাত নিৰ্মাণ কৰিছিল অস্থায়ী কোৱাৰেণ্টাইন কক্ষ আৰু বুধবাৰে তেওঁলোকৰ চৰকাৰী নিৰ্দেশনাৰ ১৪ দিনৰ কুৱাৰেন্টাইনৰ সময় সম্পূৰ্ণ হ’ল৷
সেয়েহে নকছাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেইবাজনো স্বাস্থ্যকৰ্মী ক্ৰমে দিপাঙ্কৰ গগৈ, দীপক বৰা, অনন্ত গগৈ আৰু নৱদীপ গগৈ,ৱাৰ্ড সদস্য নেচিম আলি,গাঁওবুঢ়া আৰু স্থানীয় কেইবাজনো জ্যেষ্ঠ ব্যক্তি তথা যুৱকসকলৰ উপস্থিতিত অস্থায়ী কুৱাৰেণ্টাইন কক্ষৰ পৰা বৃহস্পতিবাৰে ঘৰলৈ যাবলৈ দিয়া হয়। লগতে গাঁৱৰ যুৱকসকলৰ হৈ একোখনকৈ গামোচাৰে তিনিজনকে আদৰণি জনায়৷
ইয়াৰ পিছতে বিদ্যালয়খন গাঁৱৰ যুৱকসকলে চেনিটাইজেশ্ব্যন কৰে।বৰ্হি ৰাজ্যৰ পৰা আহি গাঁৱৰ যুৱক তিনিওজনে গাঁওবাসীৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কুৱাৰেণ্টাইনৰ কঠোৰ নিয়মসমূহ সুন্দৰভাৱে পালন কৰি যি নিদৰ্শন দাঙি ধৰিলে তাৰ বাবে গাঁওবাসীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷
অস্থায়ী কুৱাৰেণ্টাইন কক্ষৰ ব্যৱস্থাপনা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰা গাঁৱৰ প্ৰত্যেকগৰাকী ব্যক্তি, স্বাস্থ্যকৰ্মীসকল, গাঁওবুঢ়া, ৱাৰ্ড সদস্যা আৰু ব্যক্তিগতভাৱে তিনিওজনকে খাদ্য সামগ্ৰী যোগান ধৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰা স্থানীয় মহানুভৱ ব্যক্তি সকলকো ধন্যবাদ জনায়৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে..
অস্থায়ীভাৱে কুৱাৰেণ্টাইন কক্ষ স্থাপন কৰিলে গাঁৱৰ ৰাইজে
