অহা ৬ ডিচেম্বৰত মুকলি হ’ব নলবাৰী তাৰকাগৃহ,মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ

নলবাৰীবাসীৰ বাবে সুখবৰ। অহা ৬ ডিচেম্বৰত মুকলি হ’ব নলবাৰী তাৰকাগৃহ । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ সৰিয়হতলী স্থিত নলবাৰী তাৰকাগৃহ মুকলি কৰিব।উল্লেখযোগ্য যে ২০১২ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে নলবাৰী তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো 3D তাৰকাগৃহ হ’ব নলবাৰী তাৰকাগৃহ।প্ৰায় ৬০ গৰাকী দৰ্শকে একেলগে দেখা পাব সৌৰজগতৰ গ্ৰহ-উপগ্ৰহ। মুকলিৰ পূৰ্বেই বিভিন্ন পৰীক্ষণমূলক কাম-কাজ চলাইছে কৰ্তৃপক্ষই।উক্ত শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী সাংসদ উপস্থিতত থাকিব বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment