অৰুণোদয় সাহিত্য চ’ৰাৰ সাহিত্য বৈঠক সম্পন্ন

২০০৯ চনতে নগাঁৱৰ লক্ষীনগৰত জন্ম লাভ কৰা স্বতন্ত্র ভাষা-সাহিত্যৰ অনুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাৰ ফেব্ৰুৱাৰী মাহৰ সাহিত্য পাঠৰ বৈঠক সম্পন্ন হয়। নগাঁৱৰ লক্ষীনগৰস্থিত অসম হোমিঅ’ পেথিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত বৈঠকৰ সভাপতিৰ আসন গ্ৰহণ কৰে চ’ৰাৰ সভাপতি গুণধৰ নাথে। সম্পাদক আবুল হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা বৈঠকত যোৱা মাহৰ বৈঠকৰ সমীক্ষা আগবঢ়াই বিশিষ্ট লেখিকা ৰিনি নেওগ বৰাই।
তাৰ পিছতে সাহিত্য পাঠ অনুষ্ঠানত কবি মহেন্দ্ৰ হাজৰিকা, অনু কোঁৱৰ সিংহ, আবুল হুছেইন, ৰাহুল দেৱ বৰদলৈ, ৰিণি নেওগ বৰা, নিবেদিতা ভূঞা, ৰাতুল শৰ্মাকে ধৰি প্ৰায় কুৰি গৰাকী লেখক-লেখিকাই স্বৰচিত কবিতা, প্ৰৱন্ধ আদি পাঠ কৰি আবেলিটো জীপাল কৰি তোলে।বৈঠকত আজিৰ সাহিত্য পাঠৰ সমীক্ষক হিচাপে লেখিকা ৰিণি নেওগ বৰাক দ্বায়িত্ব দিয়াৰ লগতে চ’ৰাৰ প্ৰাক্তন সভাপতি ভৱেশ মেধিয়ে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। আজিৰ বৈঠকতে অৰুণোদয় সাহিত্য চ’ৰাৰ উদ্যোগত অহা ৯ এপ্ৰিল তাৰিখে এখনি ব’হাগ শীৰ্ষক কবি সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment