আক্ৰাছুৰ আঞ্চলিক কমিটি গঠন

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ  ঢকুৱাখনা মহকুমা সমিতিৰ অন্তৰ্গত কৃষ্ণপুৰ বৰামাৰি আঞ্চলিক সমিতিখন শনিবাৰে গঠন কৰা হয়।  ঢকুৱাখনা মহকুমাত বসবাস কৰা  কোচ ৰাজবংশী সকলৰ সংবিধান প্ৰদত্ত অধিকাৰ লাভৰ স্বাৰ্থত স্বগোষ্ঠীয় ৰাইজক একত্ৰিত কৰাৰ লক্ষ্যৰে সংগঠণিক ভেঁটি বৃদ্ধিত মনোনিবেশ কৰা ছাত্ৰ সংগঠনটোৰ  এখন সংগঠনিক সভা শনিবাৰে ঢকুৱাখনাৰ  কৃষ্ণপুৰ আদৰ্শ বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় । ছাত্ৰ সংগঠনটোৰ মহকুমা সমিতিৰ সভাপতি দেৱ কৃষ্ণ কোচে সভাপতিত্ব কৰা  সভাত  ঢকুৱাখনা মহকুমা সমিতিৰ ৰূপম কোচ , দীপক কোচ , বিৰিঞ্চি কোচ ,গোবিন্দ কোচ আদি বহুকেইজন নেতৃত্ব উপস্থিত থাকে । মহকুমা সমিতিৰ নেতৃবৰ্গই  ভূমিপুত্ৰ কোচ ৰাজবংশী সকল স্বাস্থ্য ,শিক্ষা ,কৃষি, যাতায়তকে ধৰি সকলো সাংবিধানিক অধিকাৰ লাভৰ ক্ষেত্ৰত প্ৰায়ে বঞ্চিত হৈ অহা বুলি কৈ গ্ৰামাঞ্চলত বসবাস কৰা এনেবোৰ নাগৰিকৰ প্ৰাপ্য অধিকাৰ  লাভৰ বাবে গণতান্ত্ৰিক সংগ্ৰামৰ বিকল্প নাই বুলি মত ব্যক্ত কৰি  বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।  । সভাতেই নয়ন জ্যোতি শইকীয়াক সভাপতি ,জয়ন্ত নেওগ আৰু বিশ্বজিত শইকীয়াক যুটীয়া সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া আঞ্চলিক সমিতি গঠন কৰা হয়।  নবগঠিত আঞ্চলিক সমিতিখনে   অনাগত সময়ত জাতীয় দায়বদ্ধতাৰে সাংগঠনিক সেৱা আগবঢ়াই যোৱাৰ সংকল্প গ্ৰহণ কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment