আগন্তুক বিশ্ব হলৌ দিৱস উদযাপন বাবে দেওবাৰে তিনিচুকীয়া বাৰেকুৰিত অভ্যৰ্থনা সমিতি গঠন

অহা ২৪ অক্টোবৰত বিশ্ব হলৌ দিৱস আয়োজন কৰা বাবে দেওবাৰে তিনিচুকীয়া জিলা বাৰেকুৰি অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰি এখন অভ্যৰ্থনা সমিতি গঠন কৰে।অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লিলেশ্বৰ মৰাণক সভাপতি আৰু বাৰেকুৰি পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সদস্যা ৰুণজুন চেতিয়াক সম্পাদিকা হিচাপে লৈ এখন সবল অভ্যৰ্থনা সমিতি গঠন কৰে।এই সমিতি খনৰ জৰিয়তে আগন্তুক ২৪ অক্টোবৰ তাৰিখে সমগ্ৰ বিশ্ব লগতে তিনিচুকীয়া বাৰেকুৰিতো বিশ্ব হলৌ দিৱস আয়োজন কৰিব।

Comments (0)
Add Comment