স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে দেশজুৰি উদযাপিত আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আজি আপোনাৰ পদূলিত আয়ূষ (আয়ুষ আপকে দ্বাৰ) শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা কৃষকৰ আয় দুগুণীকৰণ কৰা নগাঁও জিলাৰ দ্বিতীয় খন গাঁও “নিজ শিমলুগুৰি”ত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ উদেশ্যে ব্যখ্যা কৰি কেন্দ্ৰটোৰ মুৰব্বী ডঃ নিৰঞ্জন ডেকাই আয়ুষ আপকে দ্বাৰ কাৰ্যসূচীৰ দ্বাৰা প্ৰতি গৰাকী কৃষকে ঔষধি গছ সমূহ ৰোপন কৰি সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে নিজেই নিজৰ সুৰক্ষা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মাই আঁত ধৰা অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি মহকুমা কৃষি বিষয়া ভদ্ৰ কুমাৰ বৰাই কৃষক সকল আগবাঢ়ি আহি “আয়ুষ আপকে দ্বাৰ” কাৰ্যসূচীৰ দ্বাৰা লাভাম্বিত হৈ নিজৰ আয় দুগুণ কৰিবলৈ আহ্বান জনাই। পাম পৰিচালক নয়ন জ্যোতি বৰদলৈকে প্ৰমুখ্য কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কেইবাগৰাকী বিজ্ঞানীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত নিজ শিমলুগুৰি গাঁৱৰ ৩৫ গৰাকী প্ৰগতিশীল মহিলা কৃষকক নিম, জালুক, পিপলী গছৰ পুলি বিতৰণ কৰা হয়।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে
আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আয়ুষ আপকে দ্বাৰ শীৰ্ষক অনুষ্ঠানত কৃষকক ঔষধি গছপুলি বিতৰণ
