আজিৰে পৰা আৰম্ভ হ’ল সংসদৰ শীতকালীন অধিৱেশন

সংসদৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। ৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে ২৩ দিন ধৰি চলিবলগীয়া সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে ১৬ খন নতুন বিধেয়ক উত্থাপন কৰিব।সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শীতকালীন অধিবেশনত চৰকাৰে ১৬ খন নতুন বিধেয়ক উত্থাপন কৰিব ।বিগত বৰ্ষাকালীন অধিবেশনত মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যাক লৈ বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত অধিবেশনৰ কাম-কাজত ব্যাঘাত জন্মিছিল।আনকি চৰকাৰে প্ৰয়োজনীয় কেইবাখনো বিধেয়ক অধিবেশনত উত্থাপন কৰিব পৰা নাছিল।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা আৰম্ভ হ’ব লগীয়া অধিবেশন খন সুচাৰুৰূপে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিৰোধী দলৰ সহায়ৰ আৱশ্যক হৈ পৰিছে।এনে কাৰণতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীয়ে আজি অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিৰোধী দলৰ সৈতে সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment