আজিৰ খবৰ

৮ ছেপ্তেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্মদিন। সুধাকণ্ঠ গৰাকীৰ ৯২ সংখ্যক জন্মদিন উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু অসম এচ’চিয়েচন মুম্বাইৰ সহযোগত মুম্বাইত সমন্বয় দিৱস শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত সংস্থাৰ যুটীয়া সম্পাদক মনিষা হাজৰিকাই কয় যে – জাতীয় সমন্বয়ৰ ক্ষেত্ৰত সুধাকণ্ঠৰ অৱদানক সোঁৱৰণ কৰি প্ৰতি বছৰে এইদৰে জন্ম দিনটো উদযাপন কৰি অহা হৈছে। ইতিপূৰ্বে শদিয়া, বঙাইগাঁও, লখিমপুৰ, সোণাপুৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু কলিকতাত উদযাপন কৰা হৈছে। তেখেতৰ কৰ্মক্ষেত্ৰৰ দিশটোৰ লগত সংগতি ৰাখি তথা সমন্বয়ৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্য মুম্বাইত অহা ৮ ছেপ্তেম্বৰত মুম্বাইৰ অসম ভৱনত এক শ্ৰদ্ধাঞ্জলি আৰু অন্তৰংগ আলাপৰ আয়োজন কৰা হৈছে। লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ৯ ছেপ্তেম্বৰত সাংস্কৃতিক অনুষ্ঠানৰ লগতে আলোক চিত্ৰ প্ৰদৰ্শনীৰ ব্যবস্থা কৰা হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি সমান্তৰাল ভাৱে বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সদৰী কৰে। উল্লেখ্যযোগ্য যে আজিৰ সংবাদ মেলত সূৰ্য হাজৰিকা, মঞ্জুলা হাজৰিকা, অনুপম লস্কৰ, মৃদুল দত্তকে ধৰি আন বহুকেইজন ব্যক্তি উপস্থিত থাকে।

আনহাতে উত্তৰ পূবৰ পৰা মিচেচ ইণ্ডিয়া টুৰিজিম ইণ্টাৰনেচনেল আৰু মিচ এণ্ড মিচেচ ইণ্ডিয়া গ্লবেলত অংশগ্ৰহণ কৰিবলৈ যাব ৬ গৰাকীকৈ সুন্দৰীয়ে। জানিব পৰা মতে মিচেচ ইণ্ডিয়া টুৰিজিম ফিলিপাইনত আৰু মিচ এণ্ড মিচেচ ইণ্ডিয়া গ্লবেল মালয়েচিয়াত অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment