আজিৰ খবৰ

আজিৰ খবৰ
IMG-20171215-WA0010
প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেৰ এখন সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। সংবাদ মেলখনত হাজাৰে মন্তব্য কৰে যে, ভ্ৰষ্টাচাৰ, ৰ্দুনীতিৰ বিৰুদ্ধে সমগ্ৰ দেশতে ৰেলীত অংশ গ্ৰহণ কৰিম। ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আইন শিথিল কৰিলেহে ভ্ৰষ্টাচাৰ দেশৰ পৰা দূৰীভূত হ’ব। কৃষক আৰু লোকপালৰ বাবেই মই আন্দোলন কৰিছো, কৰি যাম। হিংসাৰ পথ কেতিয়াও বাচি ল’ব নালাগে। হিংসা কেতিয়াও সমাধানৰ পথ নহয়। উল্লেখযোগ্য যে হাজাৰেই লোকপাল বিধায়কক লৈ অহা ২৩ মাৰ্চৰ পৰা আন্দোলন কৰিব। কালিলৈ অৰুণাচল প্ৰদেশৰ ইটানগৰত এক বিশাল ৰেলীত তেখেতে অংশ গ্ৰহণ কৰিব। 
IMG-20171215-WA0021
আনহাতে চিনাকিৰ উদ্যোগত পূৰ্ণ কুমাৰ চিন্তে “সোৱণশিৰিৰ পাৰে পাৰে” শীৰ্ষক এখন গ্ৰন্থ গুৱাহাটী প্ৰেছ ক্লাবত আজি উন্মোচন কৰা হয়। লেখক, সাংবাদিক পূৰ্ণ কুমাৰৰ চিন্তেৰ এই গ্ৰন্থখনত সোৱণশিৰি নদীৰ লোক কথা, পুৰাণ আখ্যান আৰু বৈজ্ঞানিক দৃষ্টিভংগী সমন্বয় ঘটা পৰিলক্ষিত হৈছে। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক ড০ হীৰেন গোহাঁয়ে। গ্ৰন্থখন উন্মোচন কৰি ড০ গোহাঁয়ে কয় যে নৈ পৰীয়া ৰাইজৰ জীৱন গাঁথাৰ ওপৰত ৰচিত এখন সুখপাঠ্য গ্ৰন্থ। সকলো পাঠক ৰাইজে গ্ৰন্থখনক আঁকোৱালি লোৱাতো কামনা কৰিলো।
আনহাতে বিশিষ্ট সাংবাদিক নিত্য বৰাই গ্ৰন্থখনৰ প্ৰসংগত কয় যে একমাত্ৰ নৈপৰীয়া ৰাইজহে নদীৰ প্ৰকৃত বিশেষজ্ঞ। সোৱণশিৰিক ভেটিব বিচৰাতো অতি দুৰ্ভাগ্যজনক। ভাৰত ৰাষ্ট্ৰই আমাৰ মাজত বিভাজন আনিব বিচৰা সময়ত এই গ্ৰন্থখন একোপাট অস্ত্ৰ হৈ পৰিছে। জানিবপৰামতে গ্ৰন্থমেলাৰ যোগে গ্ৰন্থখন অতি শীঘ্ৰে ৰাইজৰ মাজলৈ যাব।
Comments (0)
Add Comment