আজিৰ বিশেষ

আজি পবিত্ৰ বৰদিন। সমগ্ৰ দেশতে খ্ৰীষ্টান ধৰ্মীয়সকলে পবিত্ৰ বৰদিন উদযাপন কৰিছে। প্ৰাৰ্থনা, কৰেলৰ ধ্বনিয়ে উদযাপিত হৈছে এই বিশেষ উৎসৱটি। বৰদিন বুলিলে কেক খোৱা, নানা তৰহৰ কেকৰ সোৱাদ ভগাই দিয়া এটা পৰম্পৰা দেখা গৈছে। উল্লেখযোগ্য যে আজিৰ দিনটো ভগৱান যীশুৰ জন্মৰ দিন হিচাপে উদযাপন কৰা হয় যদিও খ্ৰীষ্টানসকলে সমগ্ৰ ডিচেম্বৰ মাহটোকে বৰদিন হিচাপে ধৰি লয়। বৰদিন উপলক্ষে ঘৰে ঘৰে গৈ কেৰল গোৱা এক পৰম্পৰা আজিও খ্ৰীষ্টান অধ্যুষিত এলেকাত বিদ্যমান। কেৰেলৰ যোগেদি ভগৱান যীশুৰ প্ৰেম আৰু কৰুণাৰ বাণী বিলোৱা দেখা যায়।
আনহাতে আম আদমি পাৰ্টি চমুকৈ আপে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলৰ যোগেদি আপৰ সমন্বয়ক ড০ ভৱেন চৌধুৰীয়ে মন্তব্য কৰে  যে ৰাইজৰ সমস্যা, ৰাইজৰ সমাধান, ৰাইজৰ অধিকাৰ সম্পূৰ্ণভাৱে স্বৰাজ আদৰ্শ প্ৰতিষ্ঠা কৰাই আম আদমি পাৰ্টিৰ লক্ষ্য। অহা ১০ জানুৱাৰীত পূৰ্বে আম আদমি পাৰ্টিয়ে পঞ্চায়ত নিৰ্বাচনত কি দৰে প্ৰস্তুতি চলাব, সেই সম্পৰ্কত সদৰী কৰা হ’ব ।
Comments (0)
Add Comment