আজি বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কোকৰাঝাৰ কাচুগাঁওস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্যানখন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত এক বিশেষ গতি প্ৰদান কৰিব।লগতে কয় যে বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে আয়োজিত অনুষ্ঠানত এটা সপ্তাহৰ ভিতৰতে ৰাজ্যখনে দুখনকৈ ৰাষ্ট্ৰীয় উদ্যান লাভ কৰিলে সক্ষম হ’ল। উদ্যানসমূহ সংৰক্ষণৰ প্ৰচেষ্টাক অধিক সবল কৰি তুলিলেহে আৰু পৰ্যটনৰ ক্ষেত্ৰখন বিশেষভাৱে সমৃদ্ধ হ’ব।
লগতে মন্ত্ৰী গৰাকীয়ে কয় যে আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটান যি প্ৰদূষণ মুক্ত আৰু কাৰ্বন নিগেটিভ, বিটিআৰ অঞ্চল ভূটানৰ সৈতে সংলগ্ন অতি সহজে এক কাৰ্বন নিগেটিভ অঞ্চলত পৰিগণিত কৰিব পৰা যাব। বিটিচি চিফ প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী শুক্লবৈদ্যক ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যানলৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰশংসা পত্ৰ প্ৰদান কৰে। এই সম্পৰ্কে প্ৰমোদ বড়োৱে কয় যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণা বিটিআৰ অঞ্চলৰ বাবে এক উল্লেখনীয় দিন। তেখেতে কয় যে পুঁজিৰ অভাৱ সমূলি নাই যিহেতু আন্ত:ৰাষ্ট্ৰীয় সংস্থাসমূহেও গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত সংৰক্ষণ প্ৰচেষ্টাসমূহক সহায় কৰিব সাজু আছে।প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে নিজৰ অৱদান আগবঢ়াব বুলি বড়োৱে মন্তব্য কৰে।
আমি এক যোগাত্মক দৃষ্টিভংগীৰে সকলো সলনি কৰি বিটিআৰত প্ৰগতি আৰু সমৃদ্ধিৰ বাবে নতুন বতৰা আনিব লাগিব।’ মুখ্যমন্ত্ৰী আৰু বন মন্ত্ৰী গৰাকীয়ে ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ বাবে ধন্যবাদ জনায়। এই সমগ্ৰ কাৰ্যসূচীটোত পৰিৱেশ আৰু বন বিভাগ, অবিনাশ যোশী, পিচিচিএফ আৰু হ’ফ, এ এম সিং, পিচিচিএফ (বন্যপ্ৰাণী), অমিত চাহাই, পিচিচিএফ(জলভূমি), ৰঞ্জনা গুপ্তাই এই অনুষ্ঠানত নিজৰ বক্তব্য ৰাখে। ডেপুটি চিইএম, গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়কসকল, এমচিএলএ, প্ৰধান সচিব,বিটিচি, উপায়ুক্ত, এচ পি, এচ ডি অ`, গোচাইগাঁও উপস্থিত থাকে।
আজি আনুষ্ঠানিক ভাৱে উদ্বোধন হ’ল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
