আজি দিনটোৰ খবৰ

আজি দিনটোৰ খবৰ

IMG-20170601-WA0026

পৰিবেশ সংৰক্ষণ আৰু সজাগতা ক্ষেত্ৰত বিশেষ ভাবে পদক্ষেপ গ্ৰহণ কৰিছে Environment Students Association য়ে। আজি গুৱাহাটীৰ প্ৰেচ ক্লাৱত অনুষ্ঠিত কৰা এক সংবাদ মেলত সংগঠনটোৰ বিষয়ববীয়াই মন্তব্য কৰে যে কেৱল বৃক্ষ ৰোপন নহয় বৃক্ষ সংৰক্ষণত আমি গুৰুত্ব আৰোপ কৰিব লাগে। বিশেষকৈ পৰিবেশ দিৱস বুলি বহুতে বৃক্ষ অথবা গছৰ পুলি ৰুৱে পৰৱত্তী কি অৱস্থাত থাকে কোনেও ভ্ৰূক্ষেপ নকৰে, এই ক্ষেত্ৰত আমি গুৰুত্ব দিয়া বাঞ্চনীয়। শব্দ প্ৰদুষণ, ধোৱা প্ৰদুষণে নিয়ন্ত্ৰণত নিজে আগবাঢ়ি আহিব লাগিব। পৰিবেশ বিজ্ঞান বিষয়ত পৰিবেশ বিজ্ঞানৰ বিষয় শিক্ষক নিযুক্তি প্ৰদান কৰিলেহে বিষয় বস্তু লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীক উপযুক্ত ভাৱে শিক্ষা প্ৰদান কৰিব পাৰি।

FB_IMG_1496316658808

এক যুগৰ ইতিহাসৰ অৱসান ঘটিল কটন কলেজক আজিৰে পৰা কটন বিশ্ববিদ্যালয় নামেৰে জনা গ’ল। আজি আনুষ্ঠানিভাবে বিশ্ববিদ্যালয়ৰ ৰ্কতৃপক্ষৰ হাতত শিক্ষামন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়ৰ অধিসুচনা প্ৰদান কৰে। শিক্ষামন্ত্ৰী ঘোষণা কৰা অনুসৰি পাঠশালাৰ বজালী কলেজ, নাৰায়ণপুৰৰ মাধৱদেৱ কলেজ আৰু হোজাইৰ শংকৰদেৱ কলেজক অহা আগষ্ট মাহৰ ভিতৰত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব। এয়া আছিল আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

Comments (0)
Add Comment