আডিংগিৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৱৰ্ল্ড ভিছনৰ বিছনা দান , ক’ভিড সজাগতাৰ বাবে পাছদিনৰ বাবে দুখন বাহনৰ ব্যৱস্থা

পশ্চিম গুৱাহাটীৰ অন্যতম পাহাৰীয়া অঞ্চল হিচাপে পৰিচিত আৰু মালিগাঁওৰ কাষৰীয়া আডিংগিৰী অঞ্চলৰ ৰাইজৰ মাজত ক’ভিড – ১৯ ৰ সজাগতাৰ বাবে ৱৰ্ল্ড ভিছন নামৰ এটা স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিছে । ইয়াৰ অংশহিচাপে ৩ জুলাইত আডিংগিৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৱৰ্ল্ড ভিছনে ৰোগীৰ সুবিধাৰ্থে চাৰিখন বিছনা , এজন লোক মধুমেহ বা ডায়েবেটিছত আক্ৰান্ত হৈছে নেকি তাক পৰীক্ষা কৰাৰ বাবে ৫ টা লিক’মিটাৰ যন্ত্ৰ প্ৰদান কৰা হয় । তেনেদৰে ক’ভিড সজাগতা সৃষ্টিৰ বাবে পাছদিন অঞ্চলটোৰ ৰাইজৰ মাজত মাইকৰে সজাগতা সৃষ্টিৰ বাবে দুখন বাহনৰ যাত্ৰা শুভাৰম্ভ কৰা হয় । পতাকা জোকাৰি বাহন দুখনৰ যাত্ৰা শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে স্বাস্থ্যকেন্দ্ৰ চৌহদত স্বাস্থ্যকেন্দ্ৰ পৰিচালনা সমিতিৰ সদস্য ভূপেন ঠাকুৰীয়াই আঁত ধৰা চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত এনে ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা বাবে ৱৰ্ল্ড ভিছনৰ শলাগ লয় উপস্থিত লোক সকলক ইয়াৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । সভাত স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ মিহিৰ কুমাৰ ঝা , পৰিচালনা সমিতিৰ সভাপতি মুকুট কলিতা , ৱৰ্ল্ড ভিছনৰ কৰ্মকর্তাদ্বয় চাবমল গোল্ডস্মিথ আৰু উমেশ কেৰকাটা , স্বাস্থ্যকেন্দ্ৰৰ কেবাজনো স্বাস্থ্যকর্মী , স্থানীয় ৰাইজ উপস্থিত থাকে।

Comments (0)
Add Comment