গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ দুগৰাকী শিক্ষাৰ্থী কমনৱেলথ ছেক্ৰেটেৰীয়েটৰ এটা প্ৰকল্পৰ বাবে নিৰ্বাচিত হৈছে। অপেন আপ ইয়ৰ থিংকিং শীৰ্ষক প্ৰকল্পটোত বিশ্ববিদ্যালয় খনৰ দুগৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণৰ বাবে সুযোগ পাইছে।
হৈমাৱতী তালুকদাৰ আৰু ৰাজা দাস নামৰ শিক্ষাৰ্থী দুগৰাকীয়ে গৱেষণাৰ বাবে উত্তৰ পূৱৰ পৰা নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে এই প্ৰকল্পটোত ৪৫খন ৰাষ্ট্ৰৰ পৰা নিৰ্বাচিত হোৱা১৬০গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। প্ৰকল্পটোৰ জৰিয়তে ক’ভিড১৯য়ে শিক্ষাক্ষেত্ৰত প্ৰভাৱ পেলোৱা়ৰ বিষয়ো সম্পৰ্কে সামৰি ল’ব।
আন্ত:ৰাষ্ট্ৰীয় এক প্ৰকল্পৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
