অসমৰ বানপানীক কেন্দ্ৰ কৰি নিৰ্মিত হৈছে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি। এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া চলচিত্ৰ সমাৰোহত ইতিমধ্যে মনোনয়ন লাভ কৰিছে।
পৰিচালক কৃপাল কলিতাৰ দ্বাৰা নিৰ্মাণ কৰা এই ছবিখনৰ নাম হৈছে ব্ৰীজ । সম্পূৰ্ণৰূপে সত্য ঘটনাৰ ওপৰত আধাৰ কৰি এই ছবিখন বনোৱা হৈছে। উল্লেখ্য যে এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপসমূহ পৰিচালক গৰাকীৰ নিজৰ। ছবিখন কৃষ্টিপথাৰ নামৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।
ৰাম কুমাৰ দাস আৰু সবিতা দেৱী দুয়োজনেই যুটীয়াভাৱে ছবিখন প্ৰযোজনা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ছাউথেষ্ট ৰেজিনেল ফিল্ম ফেষ্টিভেল আৰু লণ্ডন চহৰত অনুষ্ঠিত লাইট অৱ ফিল্ম ফেষ্টিভেল পাইনউদ ষ্টুডিঅ’ত চলচিত্ৰ সমাৰোহত ইতিমধ্যে উক্ত ছবিখনে মনোনয়ন লাভ কৰিছে।
সমগ্ৰ অসমতে প্রত্যেক বৰ্ষৰ জুন বা জুলাই এই মাহ দুটাত প্ৰাকৃতিক দুৰ্যোগ বানপানীয়ে জুৰুলা কৰি পেলায় গৰিষ্ঠ সংখ্যক লোকক। বানপানীৰ এই সময়খিনিত যদিহে কোনোবাই নিজৰ পৰিয়ালৰ আপোন মানুহসকলক হেৰুৱায় আনহাতে কোনোৱে আকৌ নিজৰ আপোন ঘৰখনকো হেৰুৱাই পেলায়।
উল্লেখযোগ্য যে এই ছবিখনত অভিনয় কৰিছে বহুকেইগৰাকী খ্যাত অভিনেতা অভিনেত্ৰীয়ে। অভিনয়ত আছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা, ধনজিৎ শৰ্মা, শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, গোপামনি গগৈ, ৰাজু ভৰালী আৰু দ্বিপেন চুতীয়া।
ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা। উল্লেখ্য যে গুৱাহাটী তথা জোনাই, ঢকুৱাখানা আৰু সোণাৰী চাপৰিৰ বিভিন্ন লোকেশ্যনত ছবিখনৰ দৃশ্য গ্ৰহণ কৰা হৈছিল। এই ছবিখনৰ সংগীতৰ দায়িত্বত আছে পৰিচালক কৃপাল কলিতা। ছবিখনৰ সংগীত সম্পাদনাৰ দায়িত্বত আছে কিশোৰ ডেকা। উল্লেখ্য যে এগৰাকী মুম্বাইস্থিত অসম সন্তানো জড়িত হৈ আছে এই ছবিখনৰ সৈতে। ছবিখনৰ চাউণ্ড ডিজাইনৰ লগতে মিক্সিং কৰিছে অমৃত প্ৰীতমে। সমান্তৰালভাৱে ছবিখনৰ ডি আই কৰিছে ৰাজেশ য়াদৱে। উল্লেখ্য যে ছবিখনৰ শব্দ সম্পাদনা কৰিছে বিজয় নাথে। ছবিখনৰ চিংক চাউণ্ডৰ দায়িত্বত আছে মাধব দাস আৰু গুণজিৎ শৰ্মা।
প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ হৈছে ছবিখনৰ সহকাৰী পৰিচালক। ছবিখনৰ কলা নিৰ্দেশনা কৰিছে দ্বিপেন চুতীয়াই। সাজসজ্জাৰ দায়িত্বত আছে সবিতা দেৱী। উল্লেখ্য যে এই ছবিখনৰ এনিমেশ্বনৰ দায়িত্বত আছে ভাস্কৰ শইকীয়া। গ্ৰাফিক্সৰ দায়িত্বত আছে দেৱৰাজ বৰঠাকুৰ। আনহাতে ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বত আছে ৰোহিণী কুমাৰ ডেকা।
আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহলৈ ব্ৰীজৰ মনোনয়ন লাভ
