আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মান লাভ কৰিলে এগৰাকী অসম সন্তানে

আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খ্যাতি অৰ্জন কৰিলে অসম সন্তান আদিল হুছেইনে। ইউৰোপৰ সৰ্ববৃহং চলচ্চিত্ৰ মহোৎসৱত লণ্ডন ইণ্ডিয়া ফিল্ম ফেষ্টিভেলত আদিল  হুছেইনে অলপতে আউটষ্টেণ্ডিং এচিভমেণ্ট এৱাৰ্ড লাভ কৰে।
 
 
 
 
 
এই মহোৎসৱত অভিনেত্ৰী দীপা মেহতা, শ্বাবানা আজমীয়ে আইকন এচিভমেণ্ট এৱাৰ্ড লাভ কৰে। উল্লেখযোগ্য যে লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল বাগ্ৰী ফাউণ্ডেচন আৰু ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে।
 
 
 
অনলাইনযোগে অনুষ্ঠিত হোৱা ফেষ্টিভেলত আন দুগৰাকী অভিনয় শিল্পী ফেইজ পিণ্ট আৰু বিদ্যা বালানক আউটষ্টেণ্ডিং এচিভমেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰে। আদিল হুছেইনৰ এই কৃতিত্বই অসমবাসীক গৌৰান্বিত কৰি তুলিছে।

Comments (0)
Add Comment