আবকাৰী বিভাগৰ নিৰ্দেশনা-৩১ মাৰ্চলৈকে বন্ধ থাকিব ৰাজ্যৰ সকলো বাৰ

ক’ৰণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বই সজাগতা অৱলম্বন কৰিছে ।অসমো এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই ।
 
 
 
ক’ৰণা ভাইৰাছৰ সজাগতামূলক ব্যৱস্থাৰ বাবে  ৰাজ্যৰ আবকাৰী বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
 
৩১ মাৰ্চলৈকে ৰাজ্যৰ সকলো বাৰৰ বন্ধ ঘোষণা কৰিছে ।এই নিৰ্দেশনা অমান্য কৰিলে বাৰৰ কৰ্তৃপক্ষই শাস্তিৰ সন্মুখীন হ’ব।
 
 
 
অৱশ্যে ৱাইন শ্বপ সমূহ খোলা থাকিব।এই জৰুৰী নিৰ্দেশনা জিলা উপায়ুক্ত আৰু আবকাৰী অধীক্ষকসকললৈ প্ৰেৰণ কৰা হৈছে।

Comments (0)
Add Comment