আশ্ৰয় শিবিৰত থকা প্ৰতিটো বানপীড়িত পৰিয়াললৈ চৰকাৰে আগবঢ়াব ৩,৮০০ টকা

ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স।কনফাৰেন্সত ৰাজ্যৰ বান পৰিস্থিতিক লৈ কৰা পৰ্যালোচনা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই জিলা উপায়ুক্ত সকলক আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশত থকা সকলো মানুহৰ নাম পঞ্জীয়ন কৰাৰ নিৰ্দেশ প্ৰদান কৰে।মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত এখন মাষ্টাৰ ৰেজিষ্টাৰ বনাবলৈ নিৰ্দেশ দি সচিবসকল আৰু জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলক সেই মাষ্টাৰ ৰেজিষ্টাৰখন দিবলৈ কয়৷

ইয়াৰ ভিত্তিতে আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশৰ পৰা ঘৰলৈ ঘূৰি যোৱা লোকসকলক ৩৮০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।এই সকলো বান সাহাৰ্য বেক একাউণ্টৰ জৰিয়তেহে পাব ৰাইজে ৷

ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ মূৰব্বীৰ বেংক একাউণ্ট নম্বৰ, আধাৰ কাৰ্ড বা ভোটাৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰিব লাগিব সংশ্লিষ্ট জিলাৰ উপায়ুক্ত সকলে৷লগতে বানত সম্পূৰ্ণ বিধ্বস্ত হোৱা ঘৰ আৰু আংশিকভাৱে বিধ্বস্ত হোৱা ঘৰৰ তালিকা ১৫ জুলাইৰ ভিতৰত সকলো উপায়ুক্তকে দিবলৈ নিৰ্দেশ দিয়ে।

Comments (0)
Add Comment