আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালত বিশ্ব ব্ৰেইন টিউমাৰ দিৱস উদযাপন

*_আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালত বিশ্ব ব্ৰেইন টিউমাৰ দিৱস উদযাপন_*

প্ৰতিবছৰে ৮ জুন তাৰিখে উদযাপন কৰা হয় বিশ্ব ব্ৰেইন টিউমাৰ দিৱস। আজিৰ এই দিনটোত গুৱাহাটীস্থ আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালতো ‘বিশ্ব ব্ৰেইন টিউমাৰ দিৱস’ পালন কৰা হয়। এই দিৱস উপলক্ষে হস্পাতালখনৰ স্নায়ুৰোগ আৰু স্নায়ুশল‍্য বিভাগে জনসজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে। সেই উপলক্ষে আয়োজন কৰা সংবাদমেলত উপস্থিত থাকে আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হস্পাতালৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ দ্বীপজ্যোতি পায়েঙ প্ৰমুখ্যে এই হস্পাতালৰ স্নায়ুশল‍্য বিশেষজ্ঞ ডাঃ চিমৰাণজিৎ সিং, চিকিৎসালয় অধীক্ষক ডাঃ প্ৰণৱ বৰুৱা আৰু যুটীয়া চিকিৎসালয় অধীক্ষক ডাঃ প্ৰেৰিত শৰ্মাৰ লগতে মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ডেকা।

সংবাদমাধ্যমক উদ্দেশ্যি স্নায়ুশল‍্য বিশেষজ্ঞ ডাঃ সিমৰণজিৎ সিঙে কয় যে, ব্ৰেইন টিউমাৰ হৈছে এক ৰোগ য’ত মস্তিষ্কৰ কোষবোৰ অস্বাভাৱিকভাবে বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ই লাহে লাহে মগজুত কোষৰ এক গোট বিকশিত কৰে যাক ব্ৰেইন টিউমাৰ বুলি কোৱা হয়। আজিৰ পৰা আশী-নব্বৈ বছৰ আগতে এই ৰোগ হলে নিৰাময়ৰ উপায় নাছিল। সেয়েহে ৰোগীয়ে অকাল মৃত্যুক আঁকোৱালি লবলগীয়া হৈছিল। কিন্তু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সুবাদত ব্ৰেইন টিউমাৰ নিৰাময়ত ৭০-৭৫ শতাংশ সাফল্য লাভ কৰিব পৰা যায়। ডাঃ সিমৰণজিৎ সিঙে মগজুত হোৱা টিউমাৰত অস্ত্ৰোপচাৰৰ বিষয়ে কবলৈ গৈ কয় যে সৰ্বভাৰতীয় স্তৰত এইমচ আদিৰ দৰে চিকিৎসালয়ত যেনেদৰে অস্ত্ৰোপচাৰ কৰা হয় , গুৱাহাটীতো আজি সেই পৰ্য্যায়ৰে চিকিৎসা সম্ভৱ। তেওঁ কয় যে এই ধৰণৰ অস্ত্ৰোপচাৰ আজিকালি নিয়মীয়াকৈ আয়ুৰচুন্দ্ৰা হাস্পাতালতো কৰা হয়। শেহতীয়াকৈ তেওঁ আংশীকভাবে এনাচষ্ঠেচীয়া দি এগৰাকী মহিলাৰ ‘Awake Craniotomy’ নামৰ এক বিশেষ অস্ত্ৰোপচাৰৰ জৰিয়তে সফলতাৰে ‘মগজুৰ টিউমাৰ’ অস্ত্ৰোপচাৰ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাব পাতিলে অস্ত্ৰোপচাৰৰ জৰিয়তে এই ৰোগ নিৰাময় কৰিব পাৰি।

আজিৰ সাংবাদমেলত স্নায়ুৰোগ বিশেষজ্ঞ ড৹ দ্বীপজ্যোতি পায়েঙে উল্লেখ কৰে ব্ৰেইন টিউমাৰৰ লগত জড়িত কেত বোৰ গুৰুত্বপূৰ্ণ কথা। নিউৰলজিষ্ট গৰাকীয়ে মন্তব্য কৰে যে ব্ৰেইন টিউমাৰক মূলতঃ দুটা ভাগত বিভক্ত কৰিব পৰা যায়। মগজুৰ প্ৰাথমিক টিউমাৰ আৰু মগজুৰ আনুষংগিক টিউমাৰ। প্ৰাথমিক টিউমাৰ মগজুৰ মূল কোষ নাইবা ইয়াৰ আৱৰণৰ পৰা উদ্ভুত হয়। আনহাতে আনুসংগিক টিউমাৰ মগজুক বাদ দি শৰীৰৰ আন অংশত সৃষ্টি হৈ ৰক্ত প্ৰবাহত সঞ্চালিত হৈ মগজুত থিতাপি লৈ পিছলৈ বাঢ়িবলৈ ধৰে। এই ধৰণৰ টিউমাৰসমূহত কেতিয়াবা কৰ্কটৰোগৰ কোষ থাকে আৰু আন কিছুমান কৰ্কটৰোগৰ কোষ নথকা টিউমাৰ হয়। হঠাতে হোৱা তীব্ৰ মূৰৰ বিষ, মৃগীৰোগীৰ দৰে চটফটাই মূৰ্চা যোৱা, শৰীৰৰ কোনো অংশ অকামিলা হৈ পৰা, হঠাৎ অচেতন হৈ পৰা আদি লক্ষণবোৰ দেখা দিলে স্নায়ুৰোগ বা স্নায়ুশল‍্য বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ আহি পৰামৰ্শ ল’ব লাগে। এই ৰোগৰ চিকিৎসা সম্ভৱ কিন্তু প্ৰাৰম্ভিক অৱস্থাত ধৰা পেলাব পাৰিলে চিকিৎসাৰ সফলতাৰ পৰিমাণ বহুতাংশ বৃদ্ধি পায়।

চিকিৎসালয়খনৰ অধীক্ষক ডাঃ প্ৰণৱ বৰুৱাই জনোৱা মতে প্ৰতিবছৰে প্ৰতি লাখ লোকৰ মাজৰ ১৪.৪ জন লোক এই ৰোগত আক্ৰান্ত হয়। সময়ৰ লগে লগে ইয়াৰ পৰিমাণ বাঢ়ি গৈ আছে। উপযুক্ত সময়ত সঠিক চিকিৎসা লাভ কৰিলে এই ৰোগ নিৰাময় কৰিব পৰা যায়।

আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ডেকাই সংবাদমাধ্যমৰ আগত ব্ৰেইন টিউমাৰৰ আয়ুৰচুন্দ্ৰাৰ উপলব্ধ চিকিৎসাৰ সুবিধাৰ কথাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালত ন্যূনতম খৰছত উপলব্ধ ব্ৰেইন টিউমাৰৰ চিকিৎসা। অটল অমৃত অভিযান তথা আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তেও আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হস্পাতালৰ ব্ৰেইন টিউমাৰ অস্ত্ৰোপচাৰ সেৱা উপলব্ধ বুলি জনসম্পৰ্কৰক্ষী বিষয়া কংকন তালুকদাৰে অৱগত কৰে।

Comments (0)
Add Comment