আৰম্ভ হ’ল চাৰচ মেলা

দেশৰ বিভিন্ন প্ৰান্তত থকা আত্মসহায়ক গোট সকলক জীৱিকাৰ উত্তৰণ ঘটাবলৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে চাৰচ মেলাৰ আয়োজন কৰিছে। আজিৰ পৰা খানাপাৰাৰ গণেশ মন্দিৰ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেলাখনত ১০০ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে। ১৭ খন ৰাজ্যৰ বিভিন্ন হস্তশিল্প, বস্ত্ৰ শিল্পজাত সামগ্ৰী চামৰাজাত সামগ্ৰী পেইণ্টিং আদিৰ বিপনী পৰিলক্ষিত হৈছে। আজি এই মেলাখন উদ্বোধন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে কয় যে- মহিলাসকলক সৱলীকৰণ অৰ্থে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আত্মসহায়ক গোটবোৰ অন্যতম।

অহা বছৰত চৰকাৰে কনকলতা নামৰ আঁচনিৰ জৰিয়তে প্ৰতিটো আত্মসহায়ক গোটক ২৫,০০০ টকাকৈ ঋণ প্ৰদান কৰিব। এই মেলাখনৰ দ্বাৰা কেৱল আত্মসহায়ক গোটৰ প্ৰতিনিধি সমূহে বিক্ৰী কৰাৰ সুযোগ পোৱাই নহয়, ইয়াৰ জৰিয়তে জীৱিকা উপাৰ্জনৰ দক্ষতা বৃদ্ধি পাব, বহু কথা শিকিব পাৰিব। ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অধ্যক্ষ এ.এম.এম. জাকিৰে কয় যে-চাৰচ মেলাখন কেৱল মেলাই নহয়, অসমৰ আত্মসহায়ক গোটৰ ক্ৰমবিকাশৰ এক প্ৰতিচ্ছবি।

উল্লেখ্যযোগ্য যে অহা ২২ ডিচেম্বৰলৈকে চলিব লগা মেলাখনত প্ৰদৰ্শনীৰ লগতে বিয়লী ৩ বজাৰ পৰা কৰ্মশালা ও অনুষ্ঠিত হ’ব। সন্ধিয়া ভাগত সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠিত হ’ব।

উদ্বোধনী অনুষ্ঠানত ৰাজ্যিক গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব জে.বি. ইক্কা, অসম গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালিকা নন্দিতা হাজৰিকা উপস্থিত থাকে।

Comments (0)
Add Comment