আৰ্থিক ধনৰাশি হোমেন বৰগোহাঁই ন্যাসলৈ দান কৰিব সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ সঞ্জীৱ উপাধ্যায়ে ‌

অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত হৈছে জামুগুৰিহাটত আগশাৰীৰ শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ সঞ্জীৱ উপাধ্যায়। তেখেতে লাভ কৰা বঁটাৰ লগতে ৫০,০০০(পঞ্চাশ হাজাৰ) টকা আৰ্থিক ধনৰাশি হোমেন বৰগোহাঁই ন্যাসক দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে প্ৰয়াত হোমেন বৰগোহাঁইৰ অনবদ্য সৃষ্টি “পিতা পুত্ৰ” উপন্যাসৰ নেপালী অনুবাদ “বাবু ছোৰাৰ বাবে এই বঁটাৰ বাবে বিবেচিত হৈছে ড০ উপাধ্যায়। এই বঁটাৰ লগত আছে নগদ ৫০,০০০( পঞ্চাশ হাজাৰ) টকা। বিজ্ঞান বিষয়ৰ সহযোগী অধ্যাপক হৈয়ো তেখেতে অসমীয়া, নেপালী আৰু ইংৰাজী ভাষাত দুকুৰিৰো অধিক বিভিন্ন গ্ৰন্থ লিখিছে আৰু ইয়াৰে স্নাতক পৰ্যায়ৰ পাঠ্যপুথিও আছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰাঃৰাতুল হাজৰিকাই।

Comments (0)
Add Comment