আৰ্মী ইনষ্টিটিউট অফ নাৰ্ছিং বশিষ্ঠৰ আন্তৰ্জাতিক ৱেবিনাৰৰ সামৰণি

গুৱাহাটীৰ বশিষ্ঠস্থিত আৰ্মী ইনষ্টিটিউট অফ নাৰ্ছিং চমুকৈ এ.আই.এনৰ উদ্যোগত ১৯ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ চাৰিদিনীয়াকৈ এখন আন্তৰ্জাতিক ৱেবিনাৰ অনুষ্ঠিত হৈ যায়। দেশ বিদেশৰ প্ৰায় ৫০০ জন প্ৰতিনিধিয়ে ভাগ লোৱা ৱেবিনাৰৰ বাণী আছিল “Current Advancement and Strategies in Nursing”। আনহাতে ৱেবিনাৰখন ১৯ এপ্ৰিলত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য কৃষ্ণা গোহাঁয়ে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এ.আই.এনৰ সঞ্চালক আৰু ভাৰতীয় সেনাৰ বশিষ্ঠস্থিত ১৫১ বেছ হস্পিতালৰ কমাণ্ডাৰ, ব্ৰিগেদিয়াৰ পৰাগ এ.দেশমুখ। ২২ এপ্ৰিলৰ সামৰণিৰ দিনা শ্ৰেষ্ঠ গৱেষণা পত্ৰ দাখিল কৰা গৱেষক শিক্ষাথী সকলক মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ৱেবিনাৰখনৰ মূল লক্ষ্য আছিল নাৰ্ছিং বিষয়টোৰ প্ৰতি আগ্ৰহী সকলৰ মাজত সজাগতা সৃষ্টি কৰা।
খবৰ যুগুতালে জিতুমণি দাসে.

Comments (0)
Add Comment