ইতিবাচক খবৰৰ সমাহাৰে

ইতিবাচক খবৰৰ সমাহাৰে
IMG-20171223-WA0012
বৰদিনৰ বতৰ। খ্ৰীষ্টানধৰ্মীয় লোকসকলৰ উৎসৱৰ বতৰ। গীৰ্জাই গীৰ্জাই দেখা গৈছে কেৰলৰ প্ৰস্তুতি। সমান্তৰালভাৱে বজাৰ শ্বপিং মল বিলাকত ভৰি পৰিছে গৃহ সজ্জাৰ সামগ্ৰী। ৰাজপথত দেখা গৈছে ছান্তা ক্লজৰ নৃত্য। সমাগত বৰদিনক কেন্দ্ৰ কৰিয়েই কেকৰ বজাৰ বহিছে (অস্থায়ীভাৱে) বাছ আস্থানৰ সমীপৰ জিৰণি চ’ৰাত।
IMG-20171223-WA0014
বৰদিনৰ লগত গৃহ সজ্জাৰ সামগ্ৰী ষ্টাৰ, খ্ৰীষ্টমাচ ট্ৰী আৰু ছান্তা ক্লজৰ মুখাই গ্ৰাহকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। মহানগৰীৰ শিলপুখুৰীৰ এজন খুচুৰা বিক্ৰেতাই বৰদিনৰ সামগ্ৰীৰ সম্পৰ্কে আমাক এনেদৰে জনাই.. বৰদিনৰ বাবে বহু সৰু ল’ৰা-ছোৱালীয়ে ছান্তা ক্লজৰ টুপি, মুখা ক্ৰয় কৰিছে। বিশেষকৈ ৰঙীণ লাইটৰ বিক্ৰী যথেষ্ট ভাল হৈছে। উল্লেখ্যযোগ্য যে কেৱল ২৫ ডিচেম্বৰৰ দিনা বৰদিনৰ দিন বুলি ধৰা হয় যদিও গোটেই ডিচেম্বৰৰ মাহটো বৰদিন পালন কৰা হয়। 
IMG-20171223-WA0017
আনহাতে অসম প্ৰকাশন পৰিষদে আয়োজন কৰা গুৱাহাটী গ্ৰন্থ মেলাৰ দ্বিতীয় দিনা গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হ’ল যুৱ সাহিত্য উৎসৱ। এই উৎসৱৰ লগত সংগতি ৰাখি সাহিত্যিক, কবিসকলৰ মাজত সাম্প্ৰতিক অসমীয়া কাহিনী সাহিত্যৰ গতি প্ৰকৃতি: আশা আৰু উদ্বেগ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰ খনত ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ লক্ষ্য কোঁৱৰ, অসম প্ৰকাশন পৰিষদৰ সুমন্ত চলিহা, ৰঞ্জন বন্দোপাধ্যয় আৰু বিনোদ ঘোষাল কলিকতাৰ দুজন সাহিত্যিক উপস্থিত থাকে।
IMG-20171223-WA0019
ইফালে মিষ্টাৰ এছিয়াৰ খিতাপ আজুৰি আনিলে ধীৰাজ ৰাজবংশীয়ে। মহানগৰীৰ জালুকবাৰীৰ সমীপৱৰ্তী গাড়ীগাঁৱৰ যুৱক ধীৰাজ ৰাজবংশীয়ে বেংকতত অনুষ্ঠিত হোৱা দেহশ্ৰী প্ৰতিযোগীতাত মিষ্টাৰ এছিয়াৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে ধীৰাজ ৰাজবংশীয়ে দেহশ্ৰী প্ৰতিযোগীতাত ৮ বাৰকৈ মিষ্টাৰ কামৰূপ, ৪ বাৰকৈ মিষ্টাৰ অসম আৰু ৫ বাৰকৈ মাষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।
Comments (0)
Add Comment