ঐতিহাসিক চুক্তি স্বাক্ষৰে সুখবৰ কঢ়িয়ালে হাজাৰজনলৈ

ঐতিহাসিক চুক্তি স্বাক্ষৰে সুখবৰ কঢ়িয়ালে হাজাৰজনলৈ

WhatsApp Image 2017-11-01 at 5.10.29 PM

বন্ধুত্বসুলভ মনোভাৱে অসমৰ উন্নয়নৰ বাবে কান্ধত কান্ধ মিলাই আগবাঢ়িবলৈ সাজু হ’ল বৰ্হি ৰাজ্য চিংগাপুৰ। ইয়াৰে অংশস্বৰূপে আজি প্ৰশাসনিক ষ্টাফ কলেজত অসম চৰকাৰ আৰু চিংগাপুৰ চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এক চুক্তিৰ। চিংগাপুৰ চৰকাৰৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ মূল উদ্দেশ্যে হ’ল দুয়োখন দেশে সহযোগিতা আৰু বন্ধুত্ব ভাবে কাম কৰা। বৈঠকত উল্লেখিত হ’ল ভৰলু নদীৰ ওপৰত দলং নিৰ্মাণ আৰু নৱগ্ৰহ মন্দিৰৰ সমীপত সেউজ উদ্যান কৰাৰ প্ৰসংগ।

WhatsApp Image 2017-11-01 at 5.09.29 PM

বৈঠকখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে দেশৰ প্ৰগতি বাবে যুৱ শক্তিক আগুৱাই নিব লাগিব। এই ক্ষেত্ৰত বিভিন্ন বৃত্তিমুখী পাঠ্যক্ৰমৰ জৰিয়তে আগবাঢ়িবলৈ চিংগাপুৰ চৰকাৰে সহযোগ কৰিব।

অৱশ্যে এই ক্ষেত্ৰত কেতিয়াৰ পৰা পাৰম্পৰিক ভাবে দুখন দেশে কাম কৰিব সেই সম্পৰ্কে কোনো মত প্ৰকাশ কৰা নাই।

Comments (0)
Add Comment