উইমেন মাৰ্চৰ পদক্ষেপ

উইমেন মাৰ্চৰ পদক্ষেপ

নাৰী অধিকাৰ আৰু অন্যায় বিপক্ষে সমগ্ৰ দেশতে আন্দোলন গঢ়ি উঠিছে । অসমতো উইমেন মাৰ্চ ফৰ চেঞ্জ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত হৈছে।এই সম্পৰ্কত কালি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এক সংবাদ মেলত কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, বিধি বৰ্হিভূত উচ্ছেদ আৰু ডিটেশ্বন কেম্পত মহিলাই যি ধৰণৰ সাংবিধানিক সুৰক্ষা পাব লাগিছিল পোৱা নাই ।উদাহৰণ স্বৰূপে ৬টা ডিটেশ্বন কেম্পত বৃহৎ সংখ্যক মহিলাই বিদেশী সজাই বন্দী কৰা হৈছে ।ফলত এই মহিলাসকলৰ শিশু সকলে মাতৃত্বৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে।আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ ঘোষণা মতে এই কাৰ্য্য চুড়ান্তভাৱে অমানৱীয় ।মাৰ্চে ডিটেশ্বন কেম্পত বিলুপ্তি কৰাৰ দাবী কৰে।আনহাতে মহিলা শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা, ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিসৰ তথা সুযোগ সৃষ্টি কৰা, চৰকাৰী অনাময় তথা স্বাস্থ্য ব্যৱস্থা সুচল কৰিবলৈ আহ্বান জনায়।স্মৰ্তব্য যে ভাৰতীয় সংবিধানে নিশ্চিত কৰা ধৰ্মনিৰপেক্ষতা সমানতা, সংহতিৰ ওপৰত মাৰ্চৰ কাৰ্য্যপন্থা প্ৰতিষ্ঠিত।কালি সমগ্ৰ দেশজুৰি এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন হয়।

Comments (0)
Add Comment