উচ্চতম ন্যায়ালয়ৰ ৰায়-চিবিএছইৰ নিৰ্দেশনাৰ ভিত্তিত মহানগৰীৰ স্কুল বাছৰ সুৰক্ষা পৰ্যবেক্ষণ পৰিবহণ বিভাগৰ- বিদ্যালয়ে বিদ্যালয়ে উপস্থিত হৈ চাৰি শতাধিক বাহন পৰ্যবেক্ষণ যানবাহন পৰিদৰ্শকৰ

শিশুৰ অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে মহানগৰ পৰিবহণ কাৰ্যালয়ক দিয়া নিৰ্দেশত মহানগৰীৰ বিদ্যালয় সমূহত পৰিবহণৰ সুবিধাৰ বাবে ব্যবহৃত স্কুল বাছ, অটো, মিনি ভানকে ধৰি অনান্য বাহনৰ সুৰক্ষাৰ দিশসমূহ নিৰীক্ষণ কৰা হয় ৷ কামৰূপ মহানগৰ জিলাৰ যানবাহন পৰিদৰ্শক অমৰ বৰুৱা, জয়সিং ৰংফাৰ, কানাই মহন্ত, বলেন পাঠক আৰু দুৰ্গা গগৈৰ নেতৃত্বত বিভাগৰ এটা দলে মহানগৰী চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন বিদ্যালয়ত উপস্থিত হৈ চাৰি শতাধিক বাহন তন্নতন্নকৈ পৰিদৰ্শন কৰি ছাত্ৰছাত্ৰীৰ সুৰক্ষাৰ দিশটোৰ বুজ লয়। উল্লেখ্য যে, বিদ্যালয় সমূহত পৰিবহণৰ পৰিচালনা সন্দৰ্ভত চিবিএছইৰ নিৰ্দেশনা আৰু ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ দলটোৱে জিলাখনৰ অন্তৰ্গত বিদ্যালয়সমূহ পৰিদৰ্শন কৰে ৷ ইফালে এইসমূহ বাহনৰ বাদেও আৰু বহু বিদ্যালয়ত পৰিদৰ্শন অব্যাহত আছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত পৰিদৰ্শন কৰা চাৰি শতাধিক বাহনৰ প্ৰায়সংখ্যকৰে মাননীয় উচ্চতম ন্যায়ালয় আৰু চি বি এছ ইৰ নিৰ্দেশনাৰ সৈতে মিল থকা বুলি সদৰি কৰে যানবাহন পৰিদৰ্শকৰ দলটোৱে। ইয়াৰ বিপৰীতে পৰিবহণৰ সুৰক্ষাৰ ক্ষেত্ৰত আসোঁৱাহ থকা বিদ্যালয়ৰ যানবাহনৰ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত অনতিপলম উচ্চতম ন্যয়ায়লয়ৰ নিৰ্দেশনা মানি চলিবলৈ দলটোৱে আহ্বান জনাইছে ৷

Comments (0)
Add Comment