উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত বিশেষ বক্তৃতানুষ্ঠান

বুধবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত এখনি বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰমেন চুতীয়া সঞ্চালনা কৰা অনুষ্ঠানৰ আঁত ধৰে অধ্যাপক দেৱৰাজ দত্তই৷ আদৰণি বক্তব্য দাঙি ধৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড° জাহ্নৱী লহকৰ বৰুৱাই৷ মহাবিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়ত্ৰী, পূব মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকদ্বয় ক্ৰমে বুধিন বৰা আৰু যুগল চন্দ্ৰ হাজৰিকাৰ উপস্থিত থকা অনুষ্ঠানটিত “DISPLACED PERSONS AND THEIR RIGHTS” শীৰ্ষক বিশেষ বক্তৃতা প্ৰদান কৰে উত্তৰ লখিমপুৰ (স্বতন্ত্ৰ) মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° দিগন্ত হাতীবৰুৱাদেৱে৷ মহাবিদ্যালয়ৰ শিল্পীবৃন্দৰ দ্বাৰা পৰিবেশিত আৰম্ভণি গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও পূব মাজুলী মহাবিদ্যালয়ৰ ২০ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

Comments (0)
Add Comment