উত্তৰ পূৰ্বাঞ্চল খাদী গ্ৰামোদ্যোগ মহাসংঘৰ সহযোগত বস্ত্ৰ মেলা

উত্তৰ পূৰ্বাঞ্চল খাদী গ্ৰামোদ্যোগ মহাসংঘৰ সহযোগত বস্ত্ৰ মেলা

IMG-20170106-WA0040

ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ৰাজ্যিক কাৰ্য্যালয় গুৱাহাটীৰ সৌজন্যত আৰু উত্তৰ পূৰ্বাঞ্চল খাদী গ্ৰামোগ্যোগ মহাসংঘৰ সহযোগত যোৱা ২৮ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ ৰাজ্যিক পৰ্য্যায়ৰ খাদী গ্ৰামোগ্যোগ প্ৰৰ্দশনী হাউছিং বিহু ফিল্ডত অনুষ্ঠিত হৈ আছে। উল্লেখযোগ্য যে গান্ধীজীৰ আদৰ্শলৈ প্ৰতিষ্ঠিত এই মহাসংঘটোৱে বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন আঁচনি সমূহ কাৰ্য্যকৰী কৰা, খাদী বস্ত্ৰ সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া আদিৰ কামত অংশ লয় বুলি জানিব পৰা গৈছে। এই সম্পৰ্কে মহাসংঘৰ সচিব নিৰঞ্জন কলিতাই এনেদৰে জানিবলৈ দিয়ে- আমি প্ৰত্যেক বছৰে বিভিন্ন ঠাইত খাদী গ্ৰামোদ্যোগৰ প্ৰদৰ্শনী তথা বিক্ৰী ব্যৱস্থা ৩/৪ বাৰ অনুষ্ঠিত কৰো। গ্ৰাহকৰ খাদী বস্ত্ৰৰ প্ৰতি চাহিদা যথেষ্ট আছে। ইয়ে আমাক আনন্দিত কৰে। স্মৰ্তব্য যে এই প্ৰৰ্দশনীৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠান, ফেশ্বন “শ্ব” অনুষ্ঠিত হয়। কালি অনুষ্ঠিত হোৱা ফেশ্বন “শ্ব” টো দ্বাৰ মুকলি কৰে খাদী গ্ৰামোদ্যোগ আয়োগৰ সঞ্চালক এ .পি মোদকে পৰিচালনা কৰে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে। উল্লেখযোগ্য যে এই প্ৰদৰ্শনীত অসমৰ বিভিন্ন জিলাৰ পৰা অহা বিপনীৰ লগতে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মেঘালয়ৰ বিপনীয়ে অংশগ্ৰহণ কৰিছে। সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়ায় ৰাজদ্বীপ ঘোষে।collagepro_20171712142342

collagepro_201717121322348

Comments (0)
Add Comment