উৎসৱৰ বতৰা

উৎসৱৰ বতৰা

উৎসৱৰ পৰিবেশে যেন আমাক সমন্বয়ৰে বান্ধিছে। একতা, ভাতৃত্ববোধৰ বাৰ্তা বিলাইছে। আজি মেডাম মেফি। টাই আহোম সম্প্ৰদায় সকলৰ এক বিশেষ দিন। পূৰ্বৰ পৰম্পৰা অনুসৰি পৰম্পৰাগত ভাবে আহোম সম্প্ৰদায় সকলৰ মাজত এই উৎসৱ উদযাপিত হৈ আহিছে। উল্লেখযোগ্য যে এই মেডাম মেফিত পূৰ্বপৰুষক স্মৰণ কৰি পুজা আগবঢ়োৱা হয়।

FB_IMG_1485864739558

আনহাতে আজি গনেশ চতুৰ্থীৰ উপলক্ষ্যে গনেশ মন্দিৰ সমূহত অসংখ্য ভক্ত ভিৰ কৰা পৰিলক্ষিত হয়।mysuri_edit

ইফালে কলাগুৰু বিষ্ঞু প্ৰসাদ ৰাভাৰ ১০৮ সংখ্যক জন্মদিন উপলক্ষ্যে গুণমুগ্ধ সকলে শ্ৰদ্ধাৰে স্মৰণ কৰে। তেজপুৰৰ ভৈৰৱী মন্দিৰৰ সমীপৰ সমন্বয় ক্ষেত্ৰত (সমাধি স্থলত) সোঁৱৰণি অনুষ্ঠান অনুষ্ঠিত হয়। আৰু বিষ্ঞু ৰাভাৰ বাসগৃহ কালীবাৰীত তেখেতৰ পুত্ৰ হেমৰাজ ৰাভাই কেক কাটি জন্মদিন উদযাপন কৰে। উল্লেখযোগ্য যে শিল্পী গৰাকীৰ সকলো সমল আজিও বাসগৃহত সংৰক্ষিত হৈ আছে।  

IMG-20170131-WA0017

এনে ধৰণৰ উৎসৱ মুখৰ তথা খবৰৰ বাবে চাই থাকক www.nefocus.com

Comments (0)
Add Comment