এই চহৰৰ ৰোমিঅ’ জুলিয়েটৰ কথাৰে

প্ৰেম ভালপোৱা গণিত বা বিজ্ঞানৰ সূত্ৰ নহয় যে ক্লাছত বুজি নাপালে টিউচন মাষ্টাৰৰ ওচৰত গৈ শিকি ল’ম। আচলতে ভালপোৱাৰ সংজ্ঞা ভাষণ সৰল- তুমি উজুটি খালা মই বুকুত বিষ এটা অনুভৱ কৰিলো, এনেধৰণৰ তত্ব গধুৰ ৰোমাণ্টিক সংলাপেৰে, এইবাৰ হেঙুল থিয়েটাৰৰ মঞ্চত খলকনি লগাব “এই চহৰৰ ৰোমিঅ’ জুলিয়েট” নাটকে। নাটকখনৰ কাহিনীকাৰ হিমাংশু প্ৰসাদ দাস। আচলতে অৰ্থবহ আৰু শক্তিশালী সংলাপে নাটক খনক অন্যমাত্ৰা প্ৰদান কৰিছে বুলি ইতিমধ্যে চৰ্চিত হৈ উঠিছে। নৱপ্ৰজন্মক উদ্দেশ্য কৰি লিখা নাটকখনে দৰ্শকক এটা সুন্দৰ বাৰ্ত্তা দিব বুলি প্ৰযোজক আৰু কলাকুশলী আশাবাদী।

এই সম্পৰ্কে হিমাংশু প্ৰসাদ দাসে এনেদৰে কয়- এই চহৰৰ ৰোমিঅ’ জুলিয়েট নাটকখন এখন প্ৰেমৰ নাটক। আশা কৰিছো দৰ্শকে এই নাটকখনক আঁকোৱালি ল’ব।

আচলতে ইতিপূৰ্বে সম্প্ৰচাৰিত “চাকিৰা আহিব বকুল তলৰ বিহুলৈ”, “দুৰদৰ্শন- এটি যন্ত্ৰ” নামৰ চিনেমা দুখনে দৰ্শকৰ পৰা যথেষ্ট সহাঁৰি পাইছিল। বলিষ্ঠ সংলাপ আৰু চৰিত্ৰ ৰূপায়নে সফল কৰি তুলিছিল। সেয়েহে আমি জানিব বিচাৰিছিলো হিমাংশু প্ৰসাদ দাসৰ পৰা, তেওঁ কিদৰে সম্পৰ্কিত হ’ল নাটকৰ লগত, তেওঁ এনেদৰে জনাই….. সৰুৰে পৰা পোৱা ঘৰুৱা পৰিৱেশ আৰু স্কুলৰ পৰিবেশে কলা সংস্কৃতিৰ সহিত্যৰ লগত সৰ্ম্পকিত কৰায়। জনা নজনাকৈয়ে এখন (চতুৰ্থ শ্ৰেণীত থাকোতে) “প্ৰতিজ্ঞা” নামৰ নাটক লিখিছিলো।

অৱশ্যে আধাৰুৱা হৈ ৰ’ল। পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে “ঘৰৰ চুকত  সংগ্ৰাম” শীৰ্ষ এখন নাটক লিখি মঞ্চস্থ কৰিছিলো। এয়াই আৰম্ভণী আছিল। উল্লেখযোগ্য যে এই চহৰৰ ৰোমিঅ’ জুলিয়েট শীৰ্ষক নাটক খনত অভিনয় কৰিছে মুনমী ফুকন, বিপ্লৱ শইকীয়াৰ লগতে বহুতো কলাকুশলীয়ে। আশা কৰা হৈছে এই নাটকখনে দৰ্শকক নতুন সোৱাদ দিব পাৰিব।

Comments (0)
Add Comment