এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপত অসমৰ স্থান

এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপত অসমৰ স্থান

WhatsApp Image 2017-11-11 at 5.21.42 PM

বুজা নুবুজা সময়ৰ পৰাই ছোৱালীজনীয়ে খেলক ভাল পাইছিল। খেলৰ প্ৰতি দুৰ্বলতা আছিল। দিনটোৰ অধিকাংশ সময়তে খেলৰ লগত অতিবাহিত কৰি আনন্দিত হৈ পৰিছিল। যেতিয়া অলপ ডাঙৰ হৈছিল বুজি উঠিছিল যে, ঠিকেই পচন্দ কৰিছো, এয়াই মোৰ জীৱনৰ কেৰিয়াৰ হ’ব। সেয়েহে মই খেলৰ প্ৰতি আগ্ৰহী হৈ এনে এটা দিশত গতি কৰো। এই মন্তব্য লাভলিনা বৰগোহাঁইৰ। গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ লাভলিনা বৰগোহাঁয়ে অলপতে ভিয়েটনামত অনুষ্ঠিত হোৱা এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। মাৰ্ৰচেল আৰ্টৰ যোগেদি বক্সিংৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা লাভলিনাই বৰ্তমান স্নাতকৰ তৃতীয় শাখাত অধ্যয়ন কৰি আছে।

WhatsApp Image 2017-11-11 at 5.21.48 PM

উল্লেখ্য যে, ২০১২ বৰ্ষত কলিকতাত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। লাভলিনাই বৰ্তমান কমনৱেলথ গেমৰ বাবে প্ৰস্তুতি চলাই আছে। লাভলিনাৰ সপোন অলিম্পিকত সোণৰ পদক অৰ্জন কৰা। অনাগত দিনৰ বাবে আমাৰ ফালৰ পৰা লাভলিনা লৈ বহু শুভকামনা জনালোঁ।

কৃতজ্ঞতা- বেদান্ত ভাৰ্গৱ বৰা

Comments (1)
Add Comment
  • hbd.deori

    লাভলিনাৰ সপোন বাস্তৱত ৰূপায়িত হওঁক। অলেখ শুভকামনা থাকিল।