এজন ব্যতিক্ৰমী চিন্তাৰ যুৱকৰ কথাৰে

এজন ব্যতিক্ৰমী চিন্তাৰ যুৱকৰ কথাৰে
IMG-20170911-WA0015
কবিতাই বিপ্লৱ আনিব বিচৰা এজন যুৱক। যুৱকজনে এতিয়ালৈকে সম্পূৰ্ণ ৭ ঘণ্টা একেৰাহে কবিতা লিখি আছে। তেওঁৰ ইচ্ছা, কালি ৰাতিৰ ১২ বজালৈকে কবিতা লিখিব। দৰঙৰ ধেৰুৱা গাওঁৰ এই যুৱকজনে Bharat Scout Guide ৰ পানবজাৰস্থিত কাৰ্য্যালয়ত বৰ্ত্তমানেও এই কামৰ লগত ব্যস্ত হৈ আছে।
IMG-20170911-WA0017
সাধাৰণতে কোনো শিল্পীয়ে মিনিটতে শিল্প সৃষ্টি কৰাটো সিমান সহজ নহয়। ঠিক সেইদৰে সহজ নহয় একেৰাহে কবিতা লিখাটো। এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ কথা জানিব পাৰি গৌৰী শংকৰ কলিতা নামৰ যুৱকজনৰ লগত আমি কথা পাতিছিলো, তেওঁ আমাক এনে দৰে জনাই-কলমে সমাজখনক শুধৰাব পাৰে, কিন্তু আজিকালি কলমৰ শক্তিতকৈ বন্দুকৰ শক্তিহে দেখা যায়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মই কবিতাই জাগৰণ অনাৰ প্ৰয়াস কৰিছোঁ।
IMG-20170911-WA0016
উল্লেখযোগ্য যে ইতিমধ্যে এখন ৰাষ্ট্রীয় পৰ্য্যায়ৰ চিনেমাৰ প্ৰযোজকে গৌৰী শংকৰে কবিতা লিখি থকা সময়খিনি কেমেৰাৰে আবদ্ধ কৰি নিছে বুলি জানিব পৰা গৈছে। গৌৰী শংকৰক এই বিশেষ কামৰ বাবে সংগীত শিল্পী কুলজিত মালাকাৰ আৰু অপুৰাজ বৰুৱাই উৎসাহিত কৰি আহিছে।
Comments (0)
Add Comment