এটা ফেচবুক পোষ্টৰ আঁত ধৰি -৬লাখ টকা খৰচ কৰি চাকৰ হোৱাতকৈ ৫লাখ টকা খৰচ কৰি মালিক হৈছো।
পোষ্ট পঢ়ি মালিক হোৱা ব্যক্তি জনৰ সন্ধান কৰিছিলো, জানিব বিচাৰিছিলো তেখেতৰ কৰ্ম আৰু সংগ্ৰামৰ বিষয়ে।কিয়নো চাকৰিৰ মহঙা দিনত তেখেতৰ এই কথাষাৰে বিশেষ তাৎপৰ্য্য বহন কৰিলে আৰু লগে লগে পোষ্টো শ্বেয়াৰ হ’ল।
মোৰ নাম দীপাংকৰ দাস।ঘৰ হাউলীত।২০১৬ চনৰ কথা।সেই সময়ত ছাগলী মাংসৰ বহু চাহিদা আছিল।প্ৰথমে মই আৰু এজন বন্ধুৱে মিলি ছাগলীৰ ব্যৱসায় কৰো।ছাগলী ব্যৱসায়ে সিমান লাভৱান নোহোৱাৰ বাবে মুৰ্গীৰ ব্যৱসায় কৰো।সেউজ এগ্ৰ’ পোলট্ৰি ফাৰ্ম নামেৰে এখন ফাৰ্ম খুলি বিভিন্ন প্ৰজাতিৰ মুৰ্গী ৰাখো ।প্ৰথম অৱস্থাত মুৰ্গী বিক্ৰী কৰিবলৈ নিজে লৈ যাব লগীয়া হৈছিল যদিও বৰ্তমানে বেপাৰীয়ে ফাৰ্মলৈ আহি ক্ৰয় কৰি লৈ যায়।মাহেকত ৪০ৰ পৰা ৫০ হাজাৰ টকা উপাৰ্জন হয়।বৰ্তমান আমাৰ ফাৰ্মত ১৫০০মুৰ্গী আছে।এই মন্তব্য দিপাংকৰ দাসৰ।
উল্লেখযোগ্য যে ইয়াৰ বাবে তেওঁলোকে বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰিছে।নিজৰ সফলতাৰ বাবে সেয়েহে সুখী অনুভৱ কৰিছে।যি সময়ত একাংশ শিক্ষিত নিবনুৱাই কৰ্ম সন্ধানত বৰ্হিৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়ত এই দুই যুৱক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
সংগীতা শইকীয়া,সম্পাদক
এটা ফেচবুক পোষ্টৰ আঁত ধৰি.. মালিক হৈছো
