এণ্টাৰপ্ৰাইজ নৰ্থ ইষ্ট অনুষ্ঠিত

অসমত উদ্যমিতা খণ্ডত নতুন প্ৰাণ সঞ্চাৰৰ বাবে তথা এছ এমই খণ্ডৰ প্ৰসাৰৰ বাবে ফিকিয়ে এই চডিএফচি বেংকৰৰ সহযোগত কালি এণ্টাৰপ্ৰাইজ নৰ্থ ইষ্ট এছ এনে ন’লেজ ছিৰিজ শীৰ্ষক এক কাৰ্য্যসূচী আয়োজন কৰে।এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য আছিল ব্যৱসায়ৰ বাবে বিত্ত যোগানৰ সুবিধা ।বেংকৰ পুঁজিৰ বাদেও অন্য ধৰণৰ পুঁজি যেনে এছ এমইৰ দ্বাৰা ধাৰ কৰা পুঁজি, ঋণ গ্ৰহণ, বৈদেশিক বাণিজ্য আদিৰ বিষয়েও উক্ত অনুষ্ঠান আলোচনা কৰা হয়।অঞ্চলটোৰ ব্যৱসায়ৰ প্ৰচুৰ সম্ভাৱনীয়তা পৰিপ্ৰেক্ষিতত ইয়াক অধিক গুৰুত্ব প্ৰদান কৰাটো আৱশ্যক ।সামগ্ৰী আৰু সেৱাৰ গুণগতমান বৃদ্ধি কৰি অঞ্চলটোত তথা চুবুৰীয়া দেশসমূহত গ্ৰাহককেন্দ্ৰিক সেৱা প্ৰদান কৰা অপাৰ সম্ভাৱনা এই অঞ্চলটোত আছে।উদ্যমীসকলে কৃষি সংস্থাৰ, প্লাষ্টিক ,বস্ত্ৰ আৰু হস্তশিল্প আদি ক্ষেত্ৰসমূহত আগ্ৰহ প্ৰকাশ কৰিব পাৰে ।এই অনুষ্ঠানটোত বিভিন্ন উদ্যমীসমূহৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment